ADVERTISEMENT
---Advertisement---

মহৎ লোকৰ বাণী কেৱল মাত্ৰ আপোনাৰ বাবেই

By: Notun Kisu

On: ডিচেম্বৰ 16, 2024

Follow Us:

মহৎ লোকৰ বাণী
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

আপুনি যদি এজন শিক্ষাৰ্থী বা শিক্ষক নাইবা আন কোনো কাৰ্যৰ লগত জঢ়িত তেন্তে এই লিখনি আপোনাৰ বাবে নিশ্চয় উপকাৰী হব। ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্তিম অৱস্থাতো নিজকে সকলো পৰিবেশত খাপ খুৱাই লৈ যাবলৈ “মহৎ লোকৰ বাণী” য়ে বহুত সহায় কৰে বুলি মই বিশ্বাসী।

ADVERTISEMENT

মানুহ এজন জীয়াই থাকিবলৈ জীৱনত বহুত ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হব লগা হয়। কেতিয়াবা আপুনি জীৱনৰ বাটত ভাগৰুৱা হৈ পৰে আৰু তেতিয়াই এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণীয়ে বহুত সহায় কৰে।

আপুনি নিশ্চয় জনে কি এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী । ই কোনো কলাজাদু নহয় যাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰিব। মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী কিছু মহান লোকৰ চিন্তাধাৰা যিয়ে জীৱনত বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ কৰি এটা স্থানত থিয় দিছে আৰু তাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা যি কৈছে তাকেই আমি মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী বুলি কও।

Mahat Lukor Bani | মহান লোকৰ বাণী | মহৎ লোকৰ বাণী

আজি আমি Notun Kisu ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে কিছু মহৎ লোকৰ বাণী লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

কিছু প্ৰয়োজনীয় মহান লোকৰ বাণী

কৰ্মই উপাসনা হাঁহিয়েই জীৱন ।
বিষ্ণুপ্ৰসাদ ৰাভা

ADVERTISEMENT

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক
মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু
মহাত্মা গান্ধী

আনে কি কৰিছে ভবাতকৈ নিজে
কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ।
ৰাজা ৰামমোহন ৰায়

শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা,
মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।
ৰাজা ৰামমোহন ৰায়

কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে।
এইচ. মেনন

অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ।
চক্ৰেটিছ

আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী।
চক্ৰেটিছ

খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা।
– স্বামী বিবেকানন্দ

ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।
ৰবীন্দ্ৰনাথ ঠাকুৰ

কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে।
ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি।
মাদাৰ টেৰেছা

আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই।
গুৰু নানক

গৃহ হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু ।
– ৰোচেন ক্ৰেজ

মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা।
স্বামী বিবেকানন্দ

তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা,
তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷
তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷
লিটন

শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷
লজ

নিজক সদায় আনন্দত ৰাখিবা ৷
আনন্দময়, উৎসাহী আৰু শক্তিমানৰ
কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী
মানুহৰ বাবে নহয় ৷
ওমাৰ্চন

যি মানুহৰ ধৈৰ্য শক্তি আছে,
তেওঁৰ অসাধ্য একোৱে নাই ৷
বেঞ্জামিন ফ্ৰেংকলিন

আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক
সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে
আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷
চক্ৰেটিচ

মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে
সিমানে ভাবিবলৈ শিকে ৷
– জৱাহৰলাল নেহৰু

আমি যি জানো সি অতি সামান্য ৷
আমি যি নাজানো তাৰ সীমা নাই ৷
পাৰলেচ

কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷
নিজেই নিজৰ সহায় লোৱা ৷
বুদ্ধদেৱ

এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷
ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত
নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা
চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷
তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে
বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড ৷

সময়েই ধন ৷
বেঞ্জামিন ফ্ৰেঙ্কলিন ৷

খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷
অহংকাৰ নকৰিবা পতন হ’ব,
কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা ,
ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷
বিবেকানন্দ ৷

আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা,
কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷
হজৰত মহম্মদ ৷

পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা
আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷
পিয়েৰ টেলহাৰ্ড

এগৰাকী সফল আৰু এগৰাকী অসফল
ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল
ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই
শিক্ষা লৈ আগবাঢ়ে
ডেল কাৰ্নেগী ৷

সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা,
যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে
ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা- তুমি কি কৰি
ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি
সফলতাই তোমাক খেদি ফুৰিছে ৷
ডেভিদ ফ্ৰষ্ট ৷

উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷
মেথিউ

প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয়
অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে,
প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷
ডি এইছ লৰেঞ্চ

কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷
বেইলী

যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ
অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷
এৰিষ্ট’টল ৷

নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন
নকৰাটোহে লাজৰ কথা ৷
বেঞ্জামিন ফ্ৰেংকলিন ৷

এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ
সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো
বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ?
এমাৰ্চন ৷

নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ
ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে
থমাছ কাৰ্লাইল ৷

মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷
কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে
স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷
কবি জন মিল্টন ৷

স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ
সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷
কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম,
কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷
অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ
ভৱিষ্যত সুন্দৰ হৈ উঠে ৷
আব্ৰাহাম লিংকন ৷

জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন
জীৱনেই হ’ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি
মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক
অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷
নেপোলেয়ঁ বোনাপাৰ্ট ৷

প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে ,
আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি
পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷
উইলিয়াম এ’ৱাৰ্ড

মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ৷
আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান৷
প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো

প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা
কামখিনি সচাঁই বৰ মধুৰ ৷
উইলিয়াম শ্বেইক্সপীয়েৰ ৷

তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা ,
তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ’ল কোনবোৰ
কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷
ফ্ৰান্সিছ থমছন ৷

মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷
সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷
যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ
মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু
স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷
গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ ৷

সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ
কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ
শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷
অভিনয় শিল্পী মৰিচ চেভালিয়া ৷

জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷
এমাৰছন ৷

প্ৰতিদিনে জীৱনটো উপভোগ কৰা,
তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷
মাৰ্গাৰেট বুনেন ৷

জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা ৷
জুলিয়েট বেষ্টিয়েনা ৷

কলেজত হুমোৱা সহজ হৈছে কিন্তু কঠিন হৈছে শিক্ষিত হোৱা।
সৰ্বপল্লী ৰাধাকৃষ্ণন

জীৱনৰ আনন্দ আৰু সুখ কেৱল মাত্র জ্ঞান ও বিজ্ঞানৰ দ্বাৰা সম্ভৱ।
সৰ্বপল্লী ৰাধাকৃষ্ণন

যেতিয়া আমি ভাবো আমি চব জানো, তেতিয়াই আমাক শিকিব লাগিব।
সৰ্বপল্লী ৰাধাকৃষ্ণন

আদর্শ শিক্ষক সেই সকল যিসকলে শিক্ষার্থীক চিন্তা কৰিবলৈ শিকায়।
সৰ্বপল্লী ৰাধাকৃষ্ণন

এনেকুৱা শিক্ষাৰ প্রয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়।
সৰ্বপল্লী ৰাধাকৃষ্ণন

আমি এনেকুৱা শিক্ষা বিচাৰো, যি নৱপ্রজন্মক
সামাজিক আৰু অর্থনীতিৰ ক্ষেত্রত পৰিবর্তন
আনিবলৈ সক্ষম হ’ব।
সৰ্বপল্লী ৰাধাকৃষ্ণন

কোন ব্যক্তিই সম্পূর্ণ হ’ব নোৱাৰে যদি তাৰ মাজত
যুক্তিবাদ ও অধ্যাত্মিক বোধ জাগ্রত না হয়।
সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী

মানুহক ভাল কৰা মানুহক মানুহ হিচাপে গঢ়ি তোলা
আমাৰ সকলোৰে কর্তব্য। আৰু সেয়া যদি আমি কৰিব বিচাৰো
তেনেহলে প্রেম বা ভালপোৱাৰ মাধ্যমেৰে কৰিব পাৰি।
সৰ্বপল্লী ৰাধাকৃষ্ণন

এজন শিক্ষৰ কর্তব্য হ’ব শিক্ষার্থী সকলক গণতান্ত্রিক
দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা।
সৰ্বপল্লী ৰাধাকৃষ্ণন

শিক্ষক সকলৰ চাব লাগিব যে শিক্ষার্থী যেন
সৎ চৰিত্রৰ অধিকাৰী হয়।
সৰ্বপল্লী ৰাধাকৃষ্ণন

শিক্ষার্থীৰ মাজত জ্ঞান বিলোৱাই শিক্ষক সকল
কাম নহয়, কল্যাণ কাম সমূহৰ বাবে তেওঁলোকক
উৎসাহিত কৰিব লাগিব।
সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী

শিক্ষক সকলৰ কর্মশক্তি প্রকাশ কৰাৰ
স্বাধীনতাই হ’ব আদর্শ।
সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী

মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়,
সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰণে।
চানক্য

পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয়,
যিমানেই গঙ্গা স্নান নকৰা কিয় গঙ্গাৰ পানীয়ে
শৰীৰহে পৰিষ্কাৰ কৰে মানসিকতা নহয়।
চানক্য

শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ
নকৰিব, অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও
কাকো কৈ নাহে।
চানক্য

আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান,
আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য, আটাইতকৈ
ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস।
চানক্য

শিয়ালৰ দৰে এশবছৰ জীয়াই থকাতকৈ
সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।
চানক্য

যিটো কর্ম এতিয়া কৰিব, সেইটোৰ ওপৰতহে
আপােনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।
চানক্য

সম্পত্তি যিমানেই নাথাকক স্বামী যদি চৰিত্রহীন
হয়, ঘৈণীৰ সুখ শান্তি নাথাকে।
চানক্য

শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা,
দয়ালু হােৱা কিন্তু দুর্বল নহবা – কাৰণ অহংকাৰ
আৰু দুর্বলতাই হ’ল ধংসৰ মূল কাৰণ।
চানক্য

এখন দেশক যদি ধংস কৰিব বিচৰা তেন্তে
মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই
দিয়া দেশী এনেই ধংস হৈ যাব।
– চানক্য

মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে
কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে
জীয়াই আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে।
চানক্য

কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ
দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়।
– চানক্য

সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই
সহ্য কৰিব শিকক কাৰণ সূর্য ডুবিলে পৃথিৱী অন্ধকাৰ
আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়।
চানক্য

মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে
নােৱাৰে, সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা
সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে।
চানক্য

অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা,
মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম
হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়।
চানক্য

কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব
নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়।
চানক্য

জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব,
এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে
সেইটো কাম কৰিব নােৱাৰে।
চানক্য

ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই ,
গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে
মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন
মানুহক তােমাৰ প্রয়ােজন হ’ব।
চানক্য

প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস ,
অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত
হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে
ব্লেইছ পাছকেল

কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু
মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক
নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে
ছমাৰছেট মম

তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক
ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ
সময়ৰ সমষ্টিয়েই জীৱন
বেঞ্জামিন ফ্ৰেংকলিন

কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা
প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে,
কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে
জীৱনময় কৰি তোলে
প্লেট’

কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ
দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক
সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ
ভুল শুদ্ধ ধৰা পৰে
এলেন ডিজেনাৰ্ছ

ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ
হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই
মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ
সকলো মানুহে এইটো কৰে
নেপোলিয়ন হিল

যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ
এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ;
কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে
তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ
লাওজু

সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয়
যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা
আৰু সম্ভাৱনাৰ সৃষ্টি হয়
উইনষ্টাইন চাৰ্চিল

ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই
কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন,
বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য
স্বামী বিবেকানন্দ

কৰ্মই উপাসনা হাঁহিয়েই জীৱন ।
বিষ্ণুপ্ৰসাদ ৰাভা

ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক ।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু
মহাত্মা গান্ধী

শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা,
মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।
ৰাজা ৰামমোহন ৰায়

কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে।
এইচ. মেনন

আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ।
ৰাজা ৰামমোহন ৰায়

অন্য মানুহে খাবলৈহে জীয়াই থাকে,
আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ।
চক্ৰেটিছ

আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত
জ্ঞান মাথো অবিনাশী।
চক্ৰেটিছ

খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব,
অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা,
নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা।
স্বামী বিবেকানন্দ

ফুল আৰু পখিলাক বাহ্যিক
ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।
ৰবীন্দ্ৰনাথ ঠাকুৰ

সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল-
সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ;
যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে
ভূপেন হাজৰিকা

যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে
সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই
পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা
মায়া এঞ্জেল’

আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ
আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ
মাদাৰ টেৰেছা

শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি,
ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি
এলবাৰ্ট আইনষ্টাইন

ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ
কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ
ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয়
ডেভিড বেইলী

বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ
লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে।
বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে
চি এছ লিৱিছ

কৰ্মই উপাসনা হাঁহিয়েই জীৱন
বিষ্ণুপ্ৰসাদ ৰাভা

ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক
মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু
মহাত্মা গান্ধী

শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে
গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন
ৰাজা ৰামমোহন ৰায়

কিতাপ নথকা ঘৰ, খিৰিকী
নথকা কোঠালিৰ দৰে
এইচ. মেনন

সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ,
কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে।
টমাচ্ আলভা এডিচন

কৃতকাৰ্য হ’বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায়
আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব।
স্বামী বিবেকানন্দ

যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী
কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়।
মহাত্মা গান্ধী

পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে
নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে
সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে।
হোমেন বৰগোহাঞি

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ
চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়,
যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি
নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো।
স্বামী বিবেকানন্দ

এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন
ভাল মানুহক হত্যা কৰা একে কথা।
মিল্টন

জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ।
অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি
ৰোমাঞ্চকৰ।
হোমেন বৰগোহাঞি

একমাত্ৰ পৰিশ্ৰমী লোকেহে
বিজয়ী হ’ব পাৰে।
হোমাৰ

এলাহ মানুহৰ বাবে অভিশাপ। এলাহে
ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু
লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে।
ছেমুৱেল স্মাইলছ

মানুহৰ প্ৰকৃত পৰিচয় জন্ম
লৈ নহয়, কৰ্মলৈহে।
মহাবীৰ

এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক
কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ
সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে।
টমাছ আলভা এডিছন

শিক্ষাৰ অংগ হিচাপে ছাত্ৰ ছাত্ৰীৰ বাবে আমি ইয়াত আনুষঙ্গিক কিছু কথা আলোচনা কৰোঁ। সেইবাবে আজি আমি মহৎ লোকৰ বাণী কিছু ইয়াত সন্নিবিষ্ট কৰিছোঁ।

ইয়ে যদিও আপোনাক পাঠ্য পুথিৰ কোনো সমাধান দিব নোৱাৰে তথাপি আপোনাৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংশ। কেতিয়াবা এটি মাত্ৰ মহৎ লোকৰ বাণী আৰু আপোনাৰ জীৱনৰ পৰিৱৰ্তন হব পাৰে।

সেই আশাৰে আমি আজি মহৎ লোকৰ বাণী আলোচনা কৰিলোঁ। ভৱিষ্যতত আৰু বেছিকৈ মহৎ লোকৰ বাণী ইয়াত সংযোজন কৰা হব। আপুনি যদি পঢ়িব খোজে আহিব পাৰে আৰু আনকো পঢ়াৰ সুযোগ কৰি দিবলৈ আনৰ সৈতে ভাগ বতৰা কৰিব পাৰে।

আৰু যদি আপোনাৰ কিবা কবলগীয়া আছে তেন্তে Notun Kisu Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

1 thought on “মহৎ লোকৰ বাণী কেৱল মাত্ৰ আপোনাৰ বাবেই”

Leave a Comment