ADVERTISEMENT
---Advertisement---

Assamese Sad Shayari | WhatsApp Status | FB & Insta Caption 2025

By: Notun Kisu

On: ডিচেম্বৰ 17, 2024

Follow Us:

Assamese Sad Shayari for Status Video
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

মানুহৰ জীৱন দুঃখ বেদনাৰ ভৰা থাকেই, কেতিয়াবা যদি হাঁহি আকৌ কেতিয়াবা কন্দনেৰে ভৰা সকলোৰে জীৱন। এই জীৱনত বহু কিবা কিবি বস্তুৰ প্ৰয়োজন, তাৰে ভিতৰত Assamese Sad Shayari, আপুনি যদি কেতিয়াবা দুঃখ অনুভৱ কৰে তেন্তে এই লিখনি পঢ়িব পাৰে বা আন কোনোবাৰ বাবে WhatsApp Status লগাব পাৰে।

ADVERTISEMENT

Assamese Sad Shayari for WhatsApp Status

আজি আমি Notun Kisu ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে কিছু Assamese Sad Shayari লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

যি ঠাইত তোমাৰ মূল্য নাই,
সেই ঠাইৰ পৰা আতঁৰি অহা…
লাগিলে সেয়া কাৰোবাৰ হৃদয়ে
নহ‌ওক কিয় ।

ADVERTISEMENT

চকুৰ পানী সকলোৱে দেখা পায়,
কিন্তু হৃদয়ৰ বেদনা কোনেও দেখা নাপায়।

কিছুমান মানুহক সুধিবলৈ মন যায়,
মোলৈ মনত পৰিছে বাবে খবৰ লৈছা
নে সযময় পাৰ কৰিবৰ বাবে মোক
মনত পেলাইছা?

ভালপোৱাটো ভুল নাছিল,
ভৰখা কৰাটোহে ভুল আছিল।

কোনোবা হেৰাই গ’লে বিচাৰি পোৱা যায়,
কিন্তু সলনি হৈ গ’লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়।

যিদিনা বুজিবা সিদিনা বিচাৰিবা,
আজি তুমি নাই, সেইদিনা হয়টো
ম‌ই নাথাকিম‌।

যাৰ বাবে তুমি হাঁহিছা তেওঁক
হয়টো এদিন পাহৰি যাবা, কিন্তু যাৰ
বাবে তুমি কান্দিছা তেওঁক কেতিয়াও
পাহৰিব নোৱাৰা।

বিশ্বাস কৰা, মই তোমাৰ জীৱনত আকৌ কেতিয়াও ঘূৰি নাহো…
কিন্তু ম‌ই, এটা কথা কব বিচাৰোঁ যে মই তোমাক কেতিয়াও
পাহৰিব নোৱাৰিম, মই জানো যে তুমি এতিয়া
আনৰ হৈ গলা… আধৰুৱা প্ৰেম কাহিনী মোৰ,
সুখী থকা তুমি।

তুমি মোক অকলশৰীয়া কৰি এৰি গলেও,
তোমাৰ স্মৃতিবোৰে মোক অকলশৰীয়া কৰা নাই।

ম‌ই এতিয়া নিজকে হেৰুৱাই পেলাইছো,
তেওঁক বিচাৰি পালেও কি লাভ….
মই আৰু এতিয়া সেইজন নহয় যাৰ
বাবে তেওঁ সকলো আছিল।

যদিও নাই তোমাক পোৱাৰ মোৰ
এই কপালত লিখা, তথাপিও মাগিম
মই তোমাক পোৱাৰ তেওঁৰ পৰা ভিক্ষা।

প্ৰতিটো আঘাতে এটা শিক্ষা দিয়ে
আৰু সেই আঘাতেই এজন মানুহক
সলনি কৰি দিয়ে।

কোন দীশে‌ উৰুৱাই অনিলা হেৰৌ
বতাহ বলিয়া, উভতি কেনেকৈ
যাম বিচাৰি অতিত ধুনীয়া।

Assamese Sad Shayari for FB Caption

কলৈকো নাযাও মই যাযাবৰ,
নগ’লে তোমাৰ হৃদয়ৰ পথে…
এতিয়া মাথোঁ মোৰ প্ৰতিটো উশাহে,
তোমাৰ নামৰ মালা গাঁঠে।

ডাল সৰি এৰা বহু দিন হ’ল,
মই এতিয়া এখিলা মৰহা শুকান পাত,
মোক পাৰিলে জ্বলাই দিয়া…
ধূৱা হৈ উৰিব বিচাৰোঁ কৰোঁবাত।

ভাঙি পৰাৰ অভিজ্ঞতা মোৰ বহুত,
অথচ তুমি সামৰি ল’বা নে তোমাৰ বুকুত,
মোৰ প্ৰতিটো আশাত অন্ধকাৰে লগালে যুত,
মোক পোহৰাবলৈ ৰাখিবা নে তোমাৰ চকুত।

মই তাইক যেনেকৈ বিচিৰোঁ,
তায়ো মোক তেনেকৈ বিচাৰে নে বাৰু…
এই প্ৰহেলীকাৰ সমাধান বিচাৰি
এটি ক্ষণতে শ বাৰ মোৰ।

বিচাৰি পাৰ সাঁতুৰি কৰো হাহাকাৰ,
আমাৰ কপালত নৌকা নাই…
কেনেকৈ নো হ’ম উদ্ধাৰ।

মই সেই ক্ষণলৈ থাকিম জীয়াই,
যি ক্ষণলৈ তুমি মোক নিদিয়া বিদায়…
মোৰ এতিয়া প্ৰতিটো উশাহ তোমাৰ ‌ ঋণি,
তুমি কৰে নিজকে জ্বলাই তোমাৰ এন্ধাৰক দিম উজ্বলাই।

হ’ব পাৰা তুমি প্ৰকাণ্ড বিৰিয়া,
মই তলৰ দুবৰি বন…
অথচ মোৰ বতাহত উৰি যোৱাৰ ভয় নাই
মোৰ অভয় আজৰি মন।

উজাগৰ মোৰ প্ৰতিটো ৰজনী,
তোমাৰ ভাৱনাত বিলীন নাহে মোৰ টোপনি…
যদিও কেনেবাকে আহে,
চাগে তুমি মোক সপোনত কৰিবা আমনি।

কিমান বছৰ গুচি গ’ল, ম‌ই ৰৈ গলো অকলে।
কিমান বছৰ গুচি গ’ল আৰু জীৱনৰ কিমান দিন,
ম‌ই ৰৈ গলো কিন্তু জীৱনত সদায় অকলে।

Assamese Sad Shayari for Insta Caption

ভাগৰিও নাভাগৰা জীৱনে আজিচোন ভাগৰি
পৰিছে, কন্টকময় পথৰ অৱকাশ কত?
জীৱন যাত্ৰাৰ ৰথখনে আজি দেখোন আধাতে
মেলানি মাগিব খুজিছে…

তোমাৰ ওঁঠৰ স্বৰগমত আজি ম‌ই দুগ্ধ…
মায়াৱী সপোন হৈ কিয় আহা কলিজাটো
মোৰ এনেই বিধ্বস্ত।

তোমাৰ ওঁঠৰ স্বৰগমত আজি ম‌ই দুগ্ধ…
মায়াৱী সপোন হৈ কিয় আহা কলিজাটো
মোৰ এনেই বিধ্বস্ত।

তুমি মোৰ নোহোৱা বুলি জানিও মই তোমাৰ
লগত আছো…কাৰণ তুমি দিয়া প্ৰতিশ্ৰুতি
বোৰ ম‌ই পাহৰিব পৰা নাই ।

মাজ নিশা আজিও অতীতৰ স্মৃতিৰ বোজাবোৰে
দুটি নয়নক সেমেকাই যায়, অলপ সময় থমকি
ৰ‌ও আকৌ নিজ বিচলিত মনক বাস্তৱ লৈ
উভতাই আনো।

দুখ এইটো কথাত নাই যে, তুমি মোৰ নহলা…
দুখ এইটো কথাতহে যে তোমাক এতিয়াও
পাহৰিব নোৱাৰিলোঁ।

তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি
যাব লগা হয়, তেন্তে ম‌ই পাহৰিব ৰাজি আছোঁ…
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই ।

“হাঁহি থকা ওঁঠ যোৰেৰি অজস্ব বেদনা লুকুৱাই ৰাখোঁ…
দিনটোৰ শেষত মাজনিশা তোমাৰ ভাৱনাত উচুপি উঠো”

Video Credit: Abhi Creation

আগলৈ আমি ইয়াত আন নতুন নতুন Sad Assamese Shayari যোগ কৰি থাকিম, আপোনালোকে ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰিব।

Join WhatsApp

Join Now

Join Telegram

Join Now