ADVERTISEMENT
---Advertisement---

বিদ্যাত বাধা থকা ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী পূজাত কৰক এই কাম

By: Notun Kisu

On: ফেব্ৰুৱাৰী 13, 2024

Follow Us:

Students with learning disabilities should do this during Saraswati Puja
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

পুৰাণ অনুসৰি মাঘ মাহৰ শুক্লা পঞ্চমীত জন্ম হৈছিল দেৱী সৰস্বতীৰ। সেয়ে প্ৰতি বছৰে এই বিশেষ তিথিত বাগদেৱীৰ আৰাধনা কৰা হয়। এই দিনটো বসন্ত পঞ্চমী নামেৰেও পৰিচিত। কাৰণ পঞ্জিকা অনুসৰি এই দিনটোৰ পৰাই শীতকাল শেষ হৈ বসন্তকাল আৰম্ভ হৈছে। পদুম ফুলৰ ওপৰত বহি বগা শাৰী পিন্ধি দেৱী সৰস্বতী আহে। তেওঁৰ এখন হাতত কিতাপ আনখন হাতত বীণা।

ADVERTISEMENT

আজি ১৪ ফেব্ৰৱাৰী ২০২৪ আৰু বৰ্তমান সৰস্বতী পূজা চলি আছে। আজি আপুনি বহু উপকাৰ কৰি লব পাৰিব।। বিদ্যাৰ দেৱী সৰস্বতী পুজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত মাহাত্ম্যপূৰ্ণ এক উৎসৱ। এই দিনটোত সকলো নীতি নিয়ম মানি বাগদেৱীৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়।

জ্যোতিষ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে এইকেইটা দিনত কেইটামান কাম কৰিলে মা সৰস্বতীৰ কৃপা লাভ কৰিব। সৰস্বতীৰ আশীৰ্বাদত বিদ্যাৰ্জনৰ পথৰ সকলো বাধা দূৰ হ’ব তেওঁলোকৰ। জীৱনত উচ্চশিক্ষা লাভ কৰিব পাৰিব, শিল্প সংস্কতিত বিকাশ ঘটিব। জানি থওক সৰস্বতী পূজাত ছাত্ৰ-ছাত্ৰীসকলে কি কি কাম কৰাটো শুভ?

সৰস্বতী পুজাৰ দিনা এই কাম কৰক ছাত্ৰ-ছাত্ৰীয়ে-

  • সৰস্বতী পুজাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে গা ধুইহে পূজা অৰ্চনা কৰিব এই দিনটোত পুৱাই গা ধুৱ, কাৰণ দুপৰীয়ালৈকে স্নান নকৰাকৈ থাকিলে দেৱী ৰুষ্ট হ’ব।
  • সৰস্বতী পূজাৰ দিনা গা ধুৱাৰ পূৰ্বে গাত আপুনি কেঁচা হালধী পিহি ঘঁহিব পাৰে ইয়াৰ ফলত শুভ ফল লাভ কৰিব। গা ধুৱাৰ পূৰ্বে অৱশ্যে নখ কাটি লোৱাটো খুবেই জৰুৰী।
  • পুৱাই গা ধুই হালধীয়া বা বগা কাপোৰ পৰিধান কৰিব।
  • পঢ়া টেবুলৰ উত্তৰ-পূৱ কোণত শ্ৰীগণেশ আৰু মা সৰস্বতীৰ ছবি ৰাখিব।
  • হালধীয়া ফুল, হালধীয়া মিঠাই আৰু পায়স নিবেদন কৰিব।
  • সৰস্বতী পুজাত জাফৰান আৰু হালধীৰ সৈতে চন্দন পিহি কঁপালত ফোঁট বা তিলক লগাব পাৰে।
  • পূজাৰ স্থানত গ্ৰন্থ আৰু বাদ্যযন্ত্ৰ ৰাখক আপুনিও সৰস্বতীৰ পৰা আশীৰ্বাদ লাভ কৰিব।
  • যিসকল ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাত মনোযোগৰ অভাৱ আছে তেওঁলোকে দেৱী সৰস্বতীৰ ছবি বা মূৰ্তিৰ সন্মুখত বহি ১০৮বাৰ সৰস্বতীৰ মূল মন্ত্ৰ ‘ওম সৰস্বত্যায় নমঃ’ মন্ত্ৰ জপ কৰিব নতুবা লিখিব।
  • পূজাৰ শেষত অঞ্জলি দি প্ৰসাদ খাই উপবাস ভংগ কৰিব পাৰে।
  • পূজাৰ শেষতল পূজাৰ ফুল নিজৰ কিতাপৰ মাজত সোমোৱাই ৰাখক।
ADVERTISEMENT

এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Notun Kisu এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment