ADVERTISEMENT
---Advertisement---

Rose Day ত দিয়া গোলাপৰ কোন ৰঙে কি বুজায়?

By: Notun Kisu

On: ফেব্ৰুৱাৰী 7, 2024

Follow Us:

color meaning of roses in assamese
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

আজিৰ নৱ প্ৰজন্মৰ মাজতে ভেলেন্টাইন উদযাপনৰ সংস্কৃতি বৃদ্ধি পাবলৈ ধৰিছে। ৭ ফ্ৰেব্ৰুৱাৰী পৰা আৰম্ভ কৰি ১৪ ফ্ৰেব্ৰুৱাৰীলৈকে প্ৰেম সপ্তাহ হিচাপে পালন কৰা হয়। সেয়হে এই প্ৰেমৰ সপ্তাহটোক বজাৰত ৰঙা, হালধীয়া, বগা আৰু, গুলপীয়া গোলাপৰে ভৰি থকা দেখিবলৈ পোৱা যায়। গোলাপ দিৱসত ইজনে সিজনৰ সন্মুখত গোলাপ দি, তেওঁলোকৰ অনুভূতিক প্ৰকাশ কৰে।

ADVERTISEMENT

গোলাপ ফুলক অনুভূতিৰ প্ৰকাশৰ প্ৰতীক বুলি গণ্য কৰা হয় । মহাৰাণী ভিক্টোৰিয়াৰ সময়ত মানুহে তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিবলৈ গোলাপৰ আদান প্ৰদানৰ পৰম্পৰা আৰম্ভ কৰিছিল। সেয়হে এইটো বিশ্বাস কৰা হয় যে, মহাৰাণী ভিক্টোৰিয়ান আৰু ৰোমানসকলেও গোলাপ ফুলেৰে তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰিছিল।

গোলাপৰ কোন ৰঙে কি বুজায়?

আন এক কথা অনুসৰি, মোগল বেগম নোৰ জাহানে ৰঙা গোলাপ বহুত ভাল পাইছিল। জনা যায় যে, নুৰজাহানৰ হৃদয় সন্তষ্ট কৰিবলৈ, তেওঁৰ স্বামীয়ে প্ৰতিদিনে টন অনুসৰি তেওঁৰ ৰাজপ্ৰসাদলৈ সতেজ গোলাপ প্ৰেৰণ কৰিছিল।

ৰঙা গোলাপ-

ৰঙা গোলাপক প্ৰেম, আৱেগ, প্ৰতীক বুলি গণ্য কৰাৰ বিপৰীতে ৰঙা গোলাপৰ আছে অন্য এটা বিশেষত্ব। ইয়াক আপুনি আপোনাৰ সন্মুখৰ ব্যক্তিজনক অনুভৱ কৰায় যে, আপুনি তেওঁলোকক কিমান ভালপাই।

হালধীয়া গোলাপ-

হালধীয়া গোলাপক বন্ধুত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপুনি আপোনাৰ বন্ধুবৰ্গক ভালপাওঁ বুলি কব বিচাৰে, তেন্তে তেওঁলোকক হালধীয়া গোলাপ দিব পাৰে। হালধীয়া ৰং সুখ আৰু সু-স্বাস্হ্যৰ প্ৰতীক বুলি জনা যায়।

বগা গোলাপ-

বগা গোলাপ দিয়া হয়, যেতিয়া আপুনি কাৰোবাৰ সৈতে যথেষ্ট কাজিয়া কৰে। কিন্তু এতিয়াও আপুনি সকলো পাহৰি যাব বিচাৰে আৰু আপোনাৰ সম্পর্কক এক নতুন ধৰণৰে আৰম্ভ কৰিব বিচাৰে। ইয়াৰ উপৰিও বগা গোলাপক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

গুলপীয়া গোলাপ-

ভেলেন্টাইন দিৱস কেৱল প্ৰেমিক প্ৰেমিকা বা দম্পতিসকলৰ বাবে নহয়। আপুনি ইয়াক আপোনাৰ পিতৃ মাতৃৰ সৈতেও উদযাপন কৰিব পাৰে। এনে পৰিস্থিতিত গোলাপ দিৱসৰ দিনা আপুনি তেওঁলোকক গুলপীয়া গোলাপ ফুল দিব পাৰে। কাৰোবাক ধন্যবাদ দিবলৈ গুলপীয়া গোলাপ দিয়া হয়।

কমলা গোলাপ-

গোলাপৰ এই ৰঙে আৱেগৰ প্ৰতীক বুজাই। কমলা ৰংৰ গোলাপে উৎসাহ, আকাংক্ষা প্ৰতিফলিত কৰে। দম্পতি সকলে তেওঁলোকৰ প্ৰেমত উৎসাহ অনাৰ প্ৰতীক হিচাপে কমলা গোলাপ দিব পাৰে।

ADVERTISEMENT

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment