এই কেইটা দোষ থকা মানুহৰ কেতিয়াও উন্নতি নহয়- কি এই দোষ সমূহ

Notun Kisu

এপ্ৰিল 4, 2024

Manuh dukhia hoy kio
ADVERTISEMENT

মানুহৰ জীৱন দুদিনীয়া বুলি ভাৱিলে কিন্তু এই দুদিনীয়া জীৱনত বহুত কিবা কেবি কৰিব লগা থাকে। কিছুমান মানুহে জীৱনটো এনেদৰে সজাই ল’ব জানে যে, তেওঁ মৰাৰ পিছত স্বর্গ নহয়, জীয়াই থাকোতেই এইখন পৃথিৱীয়েই স্বর্গ বনাই ল’ব জানে।

ADVERTISEMENT

এই ধৰণৰ মানুহৰ জীৱনত উন্নতি হয়। কিন্তু তাৰ বিপৰিতে এই কেইটা দোষ যাৰ মাজত আছে তাৰ কেতিয়াও উন্নতি নহয়, জানিবল সম্পূর্ণ পঢ়ক…

  1. নিজৰটো নাচাই আনৰ বেয়া ভাৱি থকা সকলৰ কেতিয়াও উন্নতি নহয়। আনক মাৰি নিজে উঠিম বুলি ভৱা লোকৰ এদিন পতন নিশ্চিত, গতিকে আনৰ বেয়া নাভাৱি সমানে কাম কৰি যাব লাগে।
  2. যি লোক সদায় অসন্তুষ্ট হৈ থাকে আৰু সকলো কথাতে দোষ খুচৰি খং কৰি থাকে। তেনে লোক জীৱনত কোনো বস্তুতে সন্তুষ্ট নহয় সেই বাবে উন্নতিও নহয়।
  3. আনে কি ভাৱিব বুলি বেছি ভাৱি থকা মানুহৰ জীৱনতো উন্নতি নহয়। নিজৰ বিবেকে ভাল বুলি ভৱা সকলো কামেই সঠিক, কেৱল মাত্র নিজৰ অন্তঃ আত্মাক এবাৰ নিজে সুধি সেই কাম কৰিব লাগে। আনে কি ভাৱে, তাক ভাৱিলে একো নহয়।
  4. যি মানুহে সকলো সময়তে আনক ঘৃণা কৰে আৰু ঘৃণা বিয়পোৱাত ব্যস্ত হৈ থাকে। সেই বোৰ শেষত নিজেই ঘৃণাৰ পাত্র হৈ পৰে।
  5. যিজন ব্যক্তি ভয় কৰে আৰু ৰিক্স নলৈ পিছ হুহকি আহে। তেনে লোকৰ বাবে জীৱনটো বৰ সহজ নহয়। তেনে লোক প্রতিটো কামতে পিছ পৰি থাকে, সুযোগৰ সদব্যৱহাৰ তেওলোকে কেতিয়াও কৰিব নোৱাৰে।

গতিকে যদি আপোনাৰ মাজতো এই দোষ সমূহ আছে তেনেহলে আতৰাবলৈ যত্ন কৰক আৰু জীৱনত লাভ কৰক সফলতা।

Leave a Comment