2024 সৰস্বতী পূজাত কোন শুভ মুহূৰ্তত কৰিব পূজা? সৰস্বতী পূজাত দুই নক্ষত্ৰৰ সংযোগত বিৰল যোগ: জানক সবিশেষ –

Notun Kisu

ফেব্ৰুৱাৰী 5, 2024

rituals significance of Saraswati Puja 2024
ADVERTISEMENT

এইবছৰ ১৩ ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ ২৯ তাৰিখে নিশা ৮:০৫ বজাৰ পৰা মাঘী শুক্লা পঞ্চমী তিথি আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰী আৰু ১ ফাগুন সন্ধিয়া ৫:৫৬ বজাত শেষ হ’ব।

ADVERTISEMENT

মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা কৰা হয়। সৰস্বতী পূজাৰ উপৰিও এই দিনটোক বসন্ত পঞ্চমী, জ্ঞান পঞ্চমী, শ্ৰী পঞ্চমী, মধুমা বুলিও জনা যায়।

এইবাৰ ১৪ ফেব্ৰুৱাৰী বুধবাৰে সৰস্বতী পূজা। কালপুৰুষ অসমীয়া পূৰ্ণাংগ পঞ্জিকাৰ তথ্য অনুসৰি ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ ২৯ তাৰিখে নিশা ৮:০৫ বজাৰ পৰা মাঘী শুক্লা পঞ্চমী তিথি আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰী আৰু ১ ফাগুন সন্ধিয়া ৫:৫৬ বজাত শেষ হ’ব। এই দিনটোত সৰস্বতী পূজা কৰিলে বুদ্ধি, জ্ঞান আৰু প্ৰজ্ঞা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।

সৰস্বতী পূজা ১৪ ফেব্ৰুৱাৰীৰ দিনা দিনজুৰি উদযাপন কৰা হ’ব। এই সময়খিনি কাম আৰম্ভ কৰাৰ বাবে অনুকূল বুলি গণ্য কৰা হয়।

২০২৪ চনৰ সৰস্বতী পূজাত মিলিছে বিৰল ৰবি যোগ আৰু ৰেৱতী নক্ষত্ৰৰ কাকতালীয়া যোগ। এই সময়ছোৱাত যদি আপুনি যিকোনো শুভ কাম আৰম্ভ কৰে তেন্তে সফলতা লাভ কৰিব। বহুদিনলৈ ভাল ফলাফল লাভ কৰিব।

পূজাৰ দিনা পুৱা ১০.৪৩ বজাৰ পৰা পিছদিনা সন্ধিয়া ৫:১০ বজালৈ চলিব ৰবি যোগ। পুৱা ১০.৪৩ বজালৈ থাকিব ৰেৱতী নক্ষত্ৰ যোগ।

এই বিৰল যোগে কেৰিয়াৰ উন্নত কৰিব পাৰে। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে এই দিনটোত সৰস্বতীক পূজা কৰক।

ADVERTISEMENT

ইয়াত দিয়া তথ্যসমূহ কেৱল লোকবিশ্বাস আৰু জ্যোতিষ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Notun Kisu এ কোনো ধৰণৰ বিশ্বাস, তথ্যৰ সমৰ্থন নকৰে। কোনো তথ্য বা অনুমান প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Leave a Comment