ব্ৰেকফাষ্টৰ এই ৫টা নিয়ম মানি চলিলে অতিৰিক্ত ওজন বা ছুগাৰ বাবে চিন্তা কৰিব নালাগিব

Notun Kisu

মাৰ্চ 10, 2024

sugar control tips in assamese
ADVERTISEMENT

ভুল খাদ্য স্বাস্থ্যৰ ক্ষতিৰ বাহিৰে আন একো নহয়। গোটেই দিনটো কেনেকৈ চলিব ৰাতিপুৱা কি খাব সেয়া নিৰ্ভৰ কৰে তাৰ ওপৰত। পুষ্টিকৰ খাদ্য খোৱাৰ বাহিৰে ৰাতিপুৱা আন খাদ্য খাব নালাগে। ব্ৰেকফাষ্টৰ এই ৫টা নিয়ম মানি চলিলে বহু ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি।

ADVERTISEMENT

সঠিক সময়ত খাদ্য খোৱাটো সুষম খাদ্যৰ দৰেই গুৰুত্বপূৰ্ণ। দিনৰ আৰম্ভণিৰ পৰা ৰাতিলৈ যি খায় সেয়া স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।

ৰাতিপুৱা কেনেধৰণৰ খাদ্য খালে সামগ্ৰিক স্বাস্থ্য সু-স্বাস্থ্য বজাই ৰাখিব লাগে তাৰ টিপছ আগবঢ়োৱা হল।

১) প্ৰথমতে, ব্ৰেকফাষ্ট একেবাৰে এৰিব নালাগে। বহুতে কামলৈ যোৱাৰ হুলস্থুলত ব্ৰেকফাষ্ট নকৰে বাবে শাৰীৰিক সমস্যা বৃদ্ধি কৰে। খালী পেটত গেছ-হাৰ্টবাৰ্ণৰ সমস্যা বেছিকৈ দেখা যায়।

২) ব্ৰেকফাষ্টত চাহ-কফি নাৰাখিলে ভাল। বহুতে এই পানীয়বোৰেৰে দিনটো আৰম্ভ কৰে। কিন্তু আচলতে ইহঁতে পাচনতন্ত্ৰৰ অসুবিধা বৃদ্ধি কৰে। তাৰ পৰিৱৰ্তে এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। ই শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব।

৩) ৰাতিপুৱা ৰুটি, নুডলছ বা পেকেটৰ ফলৰ ৰসৰ খাব নালাগে। এনে খাদ্যই তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে, যিটো মাৰাত্মক হব পাৰে।

৪) ৰাতিপুৱা লুচি-পৰটাৰ দৰে খাদ্য পৰিহাৰ কৰিব লাগে। এইবিধ খাদ্য তৈয়াৰ কৰিবলৈ আটা আৰু তেল ব্যৱহাৰ কৰা হয় যি শৰীৰৰ বাবে উপযোগী নহয়। খালী পেটত তেলীয়া-মচলাযুক্ত খাদ্য খাব নালাগে। তাৰ পৰিৱৰ্তে আটাৰ ৰুটি আৰু শাক-পাচলিৰ তৰকাৰী খাব পাৰে।

৫) ব্ৰেকফাষ্টত সদায় প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে। প্ৰটিন সমৃদ্ধ খাদ্যই কাম কৰিবলৈ শক্তি প্ৰদান কৰে লগতে পেটটো ভৰপূৰ কৰি ৰাখে। দিনটোৰ আৰম্ভণিতে প্ৰটিন সমৃদ্ধ খাদ্য হিচাপে কণী, চজিনা, দৈ আদি খাদ্য গ্ৰহণ কৰিব পাৰি।

Leave a Comment