আমি যদি ভাবো মানুহৰ গড় আয়ুস কিমান ? খুব বেছি ৭০ বা ৮০ বছৰ ! কিন্তু আমাৰ পৃথিৱীত এনে এক স্থান আছে যত মানুহৰ গঢ় আয়ুস ১২০ বছৰ , যত ৬৫ বছৰ বয়সৰ মহিলাক দেখিবলৈ ২৫ বছৰীয়া সুন্দৰী যুৱতী যেন লাগে ! সেয়া আমাৰ এছিয়া মহাদেশত অৱস্থিত। কিন্তু পাকিস্তানৰ উত্তৰাঞ্চলত অৱস্থিত সেই উপত্যকা যাৰ নাম পৃথিৱী বিখ্যাত, আৰু সেয়া হৈছে “হুনজা ভেলি”। হুনজা ভেলি পাকিস্তানৰ কাৰাকুৰাম পৰ্বতমালাৰে আৱৰা এখন ভুস্বর্গ।
সেই উপত্যকাত কোনো সুন্দৰী নাৰী ওচৰৰে পাৰ হৈ গলেই নিৰ্ণয় কৰিব নোৱাৰি যে তেওঁ ২০ বা ৩০ বা ৬০ বছৰ বয়সৰ বুলি , কিয়নো তেওঁৰ বয়স ৬৫ বা ৭০ বছৰো হ’ব পাৰে ; অৰ্থাৎ সেই নাৰীৰ বয়স আপোনাৰ মা’ৰ বয়সতকৈ বেছি হ’ব পাৰে। সচাকৈয়ে ৰহস্যময় এই মানুহ বিলাক বসবাস কৰে হুনজা উপত্যকাত । প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই উপত্যকাত বসবাস কৰা মহিলা সকল চিৰযুৱতী, এজনী ৮০ বছৰৰ বৃদ্ধা মহিলাক দেখিবলৈ ৩০ – ৩৫ বছৰ বয়সৰ যেন অনুভৱ কৰা যায়।
তাৰোপৰি আশ্চৰ্যকৰ কথা হৈছে সেই উপত্যকাত ৬০ বছৰ বয়সত এগৰাকী মহিলাই মা হোৱা পৰিঘটনা অতি স্বাভাৱিক। বিপৰীতে 90 বছৰৰ বৃদ্ধ পুৰুষ হৈ পৰিব পাৰে ফুটফুটীয়া সন্তানৰ গৰ্বিত দেউতা। হুনজা সম্প্ৰদায় খুৱে সুসংগঠিত আৰু ইতিহাস প্ৰসিদ্ধ এটি জনগোষ্ঠী। এই উপত্যকাৰ জনসংখ্যা প্ৰায় ৮৭ হাজাৰ আৰু তেওঁলোকৰ গড় আয়ুস এশ বিশ বছৰ, সেই ঠাইৰ প্ৰত্যেক জন মানুহে অতি কমেও এশ বছৰৰ জীৱন পাৰ কৰে। এশৰ সীমা পাৰ কৰা বৃদ্ধ এজন খুব শক্তিশালী হৈ থকা ঠাই হৈছে হুনজা উপত্যকা।
প্ৰতিদিনে ৰাতিপুৱা 5 বজাত টোপনিৰ পৰা উঠি কামত লাগি পৰে ইয়াৰ মানুহ ; তেওঁলোকৰ ভোজন হৈছে সম্পূৰ্ণ ৰাসায়নিক বৰ্জিত একেবাৰে প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা খাদ্য । প্ৰচণ্ড শীতত বৰফ পৰিলেও ঠাণ্ডা পানীত স্নান কৰাৰ অপাৰ শক্তি আছে তেওঁলোকৰ । অৰ্থাৎ অতি প্ৰাকৃতিক জীৱন শৈলী তেওঁলোকৰ। আৰু সেয়াই হৈছে তেওঁলোকৰ চিৰ যৌৱন পোৱাৰ গোপন ৰহস্য চাগৈ ।
সেই উপত্যকাৰ লোকসকলৰ আয়ুস কিয় ইমান বেছি তাৰ বাবে বহু গৱেষণা কৰা হৈছে আৰু সকলো গৱেষণাই এটা কথা ঠিৰাং কৰিছে যে তেওঁলোকৰ পৰিকল্পিত জীৱন ব্যৱস্থা আৰু বিশুদ্ধ খাদ্য গ্ৰহণ হৈছে তেওঁলোকৰ দীর্ঘ আয়ুৰ মূলমন্ত্ৰ। তেওঁলোকে দিনত দুবেলা গুৰু আহাৰ গ্ৰহণ কৰে আৰু দিনটো বহু পৰিশ্ৰমৰ কাম কৰে।
এই সম্প্ৰদায়ৰ প্ৰায় ৯৯ শতাংশ লোকেই আমিষ ভোজী। তেওঁলোকৰ খাদ্য দ্ৰৱ্য সমূহৰ বেছি ভাগেই প্ৰস্তুত হয় পনীৰ, গাখীৰ , বাদাম আৰু অইন দুগ্ধজাত পণ্যৰ পৰা। শিশুকালৰ পৰাই সেই ঠাইৰ ছোৱালীৰ সৌন্দৰ্য বিকশিত হ’বলৈ ধৰে। সেই ঠাইৰ নাৰীৰ সৌন্দৰ্য্যৰ এক গোপন ৰহস্য হৈছে তেওঁলোকে পানীৰ পৰিবৰ্তে ফলমূলৰ ৰসৰ পৰা প্ৰস্তুত কৰা দ্ৰব্য আৰু চৰবত বেছিকৈ পান কৰে । ইয়াৰ উপৰিও আৰু এক ৰহস্য হৈছে তেওঁলোকৰ শাৰীৰিক ব্যায়াম আৰু পৰিশ্ৰম।
হুনজা সম্প্ৰদায় মানুহে নিয়মীয়া শ্বাস প্ৰশ্বাসৰ ব্যায়াম আৰু মেডিতেশ্বন কৰে , যিয়ে তেওঁলোকৰ দেহৰ ছাল আৰু হৃদযন্ত্ৰক উপকৃত কৰে ।
সেই উপত্যকাৰ নাৰীসকল অতি লাজুকী , সহজতে কোনো লোকৰ ওচৰলৈ বা কেমেৰাৰ সন্মুখলৈ আহিব নিবিচাৰে। নাৰীসকলে তেওঁলোকৰ পৰম্পৰাগত উৎসৱত পৰম্পৰাগত পোছাক পৰিধান কৰি নৃত্য গীতো পৰিবেশন কৰে । হুনজা নাৰীসকলে কাশ্মীৰী নাৰীৰ দৰে মূৰৰ এফালে টুপী পৰিধান কৰে যদিও কিন্তু হুনজা টুপী কাশ্মীৰী সকলতকৈ অকণমান ভিন্ন। আৰু হুনজা নাৰী কাশ্মীৰী নাৰীতকৈ বেছি ধুনীয়া বুলি ইতিমধ্যে প্ৰমাণিত।
তেওঁলোকে গ্ৰহণ কৰা খাদ্য সমূহ তেওঁলোকে নিজেই উৎপাদন কৰে আৰু যত কোনো ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগ নকৰে । সেই উপত্যকাৰ সকলো লোকেই ইছলামিক ৰীতি নীতি মানি চলে । আৰু এক ৰহস্য যে হুনজা উপত্যকাৰ লোকসকলৰ শিক্ষাৰ হাৰ 90 শতাংশ ।
তেওঁলোকৰ দীৰ্ঘকাল জীৱন প্ৰাপ্তিৰ আৰু এক ৰহস্য হৈছে তেওঁলোকে বসবাস কৰা ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক বিশুদ্ধতা । ডাঙৰ ডাঙৰ চহৰৰ পৰ্বতমালাৰে আগুৰি থকা ঠাইডোখৰৰ নিজৰাৰ পানী ৰঙীন , পৰ্বতমালাৰ সমতল ভূখণ্ডত অৱস্থিত সৰু সৰু গাওঁসমূহ চিৰসেউজ।