৪ জুনৰ পিছত GPay কাম নকৰিব? বন্ধ কৰাৰ আগতে গুৰুত্বপূৰ্ণ কথাবোৰ জানি লওক

Notun Kisu

GPay Bondo hob ne
দৈনন্দিন নতুন কিছু জানিবলৈ Follow

অনলাইন ধনৰ লেনদেনৰ বাবে এতিয়া Google Pay/GPay ব্যৱহাৰকাৰীৰ প্ৰথম পছন্দ হৈ পৰিছে। গুগলৰ Google Pay সেৱা ভাৰতকে ধৰি বহু দেশত অনলাইন পেমেণ্টৰ বাবে ব্যৱহাৰ কৰা হয়। ২০২২ চনত Google Wallet প্ৰৱৰ্তনৰ পিছত GPay ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে। আৰু এতিয়া ই অনলাইন ধনৰ লেনদেনৰ বাবে ব্যৱহাৰকাৰীৰ প্ৰথম পছন্দ হৈ পৰিছে। কিন্তু জনপ্ৰিয়তাৰ মাজতো গুগলে ২০২৪ চনৰ ৪ জুন তাৰিখৰ পৰা Google Pay/GPay বন্ধ কৰিবলৈ ওলাইছে।

সঁচা নেকি এই খবৰটো ?

আৰু এই খবৰ পোহৰলৈ অহাৰ লগে লগে অনলাইন ব্যৱসায়ীসকলৰ উত্তেজনা বাঢ়িল। সঁচা নেকি? আচলতে Gpay বন্ধ হৈ যাব, এই খবৰটো একেবাৰে সঁচা। এই কথা গুগলে নিজেই নিশ্চিত কৰিছে। গুগলৰ এই সিদ্ধান্তৰ ফলত কোনবোৰ দেশ প্ৰভাৱিত হ’ব জানো আহক।

কাৰ প্ৰভাৱ পৰিব আৰু কোনে প্ৰভাৱিত নহ’ব?

অৱশ্যে গুগলৰ এই সিদ্ধান্তই ভাৰতীয় ব্যৱহাৰকাৰীৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। দৰাচলতে ২০২৪ চনৰ ৪ জুন তাৰিখৰ পৰা আমেৰিকাত Google Pay সেৱা বন্ধ কৰিবলৈ ওলাইছে গুগলে। অৰ্থাৎ ভাৰতত নহয়, আমেৰিকাত GPay বন্ধ হ’বলৈ গৈ আছে।

GPay এই দেশসমূহতহে কাম কৰিব

৪ জুনৰ পিছত GPay এপটোৱে কেৱল ভাৰত আৰু ছিংগাপুৰতহে কাম কৰিব। আৰু আন দেশত এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোম্পানীটোৰ মতে, সকলো ব্যৱহাৰকাৰীকে Google Wallet লৈ ট্ৰেন্সফাৰ কৰা হ’ব। এই সময়ৰ পিছত আমেৰিকাত GPay সম্পূৰ্ণ অসাৰ হৈ পৰিব।

১৮০ খন দেশত গুগল ৱালেটৰ সৈতে গুগল পে সলনি হ’ব । মন কৰিবলগীয়া যে GPay বন্ধ হোৱাৰ পিছত আমেৰিকাৰ ব্যৱহাৰকাৰীয়ে পেমেণ্ট কৰিব বা লাভ কৰিব নোৱাৰিব।

গুগলে সকলো আমেৰিকান ব্যৱহাৰকাৰীক গুগল ৱালেট ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। অনুমান কৰা হৈছে যে কোম্পানীটোৱে গুগল ৱালেটৰ প্ৰচাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে এটা ব্লগত প্ৰায় ১৮০খন দেশত GPay সলনি Google wallet ব্যৱহাৰ কৰাৰ বিষয়ে কয়।

Leave a Comment