প্ৰতিজনেই জনিবলগীয়া টকা সঞ্চয় কৰাৰ সহজ ১১ টা উপায়

Notun Kisu

ফেব্ৰুৱাৰী 21, 2024

Money Saving Tips
ADVERTISEMENT

টকা উপাৰ্জন যিমান কঠিন, টকা সঞ্চয় কৰাটো আৰু অধিক কঠিন আৰু সেয়া আপুনি আজি জানি লওঁ আহক কিছু Money Saving Tips যিয়ে আপোনাকো বনাব ধনী ব্যক্তি।

ADVERTISEMENT

টকা সঞ্চয় কৰিব নোৱাৰাৰ বাবেই কেতিয়াবা বহু সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। বেছিকৈ চৰকাৰী চাকৰি কৰা মানুহে মাহৰ শেষত খুবেই টনা আজৰাৰ মাজেৰে পাৰ কৰিবলগীয়া হয়।

কিন্তু পৰিকল্পনা মানি চলিলে বা কিছুমান নিয়ম মানি চলিলে মাহৰ শেষত টকা সঞ্চয় কৰিব পাৰিব। আজি আমি ১১ টা উপায় আলোচনা কৰিম যাৰ জৰিয়তে আপুনি কোনো কষ্ট নকৰাকৈ মাহটো চলাৰ ওপৰিও ভালেমান টকা সঞ্চয় কৰিব পাৰিব। বিনিয়োগৰ বিষয়ে অধিক জানিবলৈ আপুনি তলত দিয়া লিংকত ক্লিক কৰিব পাৰে 👇👇👇

কম টকা ৰাহি কৰাৰ। যিবোৰ মানি চলিলে মাহৰ শেষত ভাল টকা ৰাহি কৰাত সহায় কৰিব। এই ১১ টা ধন সঞ্চয়ৰ টিপছ চাওক আহক –

টকা সঞ্চয় কৰাৰ সহজ ১০ টা উপায় (Money Saving Tips)

(১) বাজেট

প্ৰতিমাহে বাজেট বনাওক আৰু সেই অনুসৰি খৰচ কৰক। বাজেট প্ৰস্তুত কৰিলে প্ৰতিমাহে ধন ৰাহি হ’ব পাৰে।

(২) খৰচৰ হিচাপ

প্ৰতিদিনে যিকোনো খণ্ডত কিমান টকা খৰচ হৈছে তাৰ হিচাপ দৈনিক ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ আয় আৰু খৰচৰ ধাৰণা এটা পাব।

(৩) আয়ৰ পৰা ২০ শতাংশ সঞ্চয়

প্ৰতিমাহে উপাৰ্জন কৰা ধনৰ ২০ শতাংশ সঞ্চয়ৰ বাবে আঁতৰাই ৰাখক আৰু বাকী ৮০ শতাংশ বাজেট কৰক।

(৪) আয় বৃদ্ধি

ধন সঞ্চয় কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল আয় বৃদ্ধি কৰা। খৰচৰ তুলনাত আয় বৃদ্ধি হ’লে প্ৰতিমাহে সঞ্চয় হ’ব।

৫) তালিকা বনোৱা

প্ৰতিদিনে বজাৰলৈ বা বজাৰ কৰিবলৈ যোৱাৰ সময়ত কি কি কিনিব লাগে তাৰ তালিকা এখন বনাওক আৰু এই তালিকাখন আপোনাৰ বাজেটৰ ভিতৰত থাকিব লাগিব।

৬) অতিৰিক্ত খৰছ কমোৱা

বহু সময়ত আমি নজনাকৈয়ে অতিৰিক্ত ধন খৰচ কৰো। বিশেষকৈ বাহিৰৰ হোটেল বা ৰেষ্টুৰেণ্টত খাদ্য, চাহ আৰু চিগাৰেট খাই বা খৰখেদাকৈ ভ্ৰমণৰ পৰিকল্পনা কৰা। ধন ৰাহি কৰিবলৈ হ’লে এই অতিৰিক্ত খৰচৰ ক্ষেত্ৰসমূহ হ্ৰাস কৰিব লাগিব।

৭) অপ্ৰয়োজনীয় সামগ্ৰী বিক্ৰী

পুৰণি কিতাপৰ পৰা আৰম্ভ কৰি ঘৰৰ আচবাব বা আন বস্তু যিবোৰ বহুদিন ধৰি অব্যৱহৃত হৈ পৰি আছে। এই বস্তুবোৰ বিক্ৰী কৰি আপুনি ধন ঘূৰাই পাব পাৰে বা লাভ কৰিব পাৰে, যিটো আপোনাৰ সঞ্চয়ৰ দিশত যাব।

৮) ঘৰুৱা বন্ধ সঞ্চয়

দৈনন্দিন ঘৰুৱা খৰচৰ পৰা সঞ্চয় হোৱা বা হাতত অহা সৰু টকাখিনি লক্ষ্মী ভাণ্ডাৰ বা ঘৰুৱা যিকোনো বন্ধ পাত্ৰ যাক আমি বোকা ভাণ্ডাৰ বুলিও কওঁ তাতে জমা কৰক।

৯) বেংক সঞ্চয়

বেংক একাউণ্ট খুলি একাউণ্ট ৰাখি প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন সঞ্চয় কৰক আৰু প্ৰতিমাহে তাত টাৰ্গেট ভিত্তিত জমা কৰি থাকিব।

১০) অনলাইন সৰু বিনিয়োগ

ৰিস্ক নোহোৱা বহুত Online Short Time Investment Platform আছে যত কিছু সৰু পৰিমাণৰ টকা বিনিয়োগ কৰি অতিৰিক্ত টকাও উপাৰ্জনৰ জৰিয়তে লাভালাভ কৰিব পাৰি।

১১) বিনিয়োগ

শেষত বিনিয়োগৰ কথা কওঁ। টকাৰ লগত টকা বাঢ়ে বুলি কথাষাৰ আপুনি নিশ্চয় শুনিছে। বিনিয়োগ হৈছে মাধ্যম। এই দেশত ডাকঘৰৰ পৰা আৰম্ভ কৰি মিউচুৱেল ফাণ্ড, ফিক্সড ডিপজিটলৈকে একাধিক বিনিয়োগ আঁচনি পাব। য’ত টকা বিনিয়োগ কৰি ডাঙৰ টকা উপাৰ্জন কৰিব পাৰি। বিনিয়োগৰ বিষয়ে অধিক জানিবলৈ আপুনি তলত দিয়া লিংকত ক্লিক কৰিব পাৰে 👇👇👇

বিনিয়োগৰ বিষয়ে অধিক জানক

ADVERTISEMENT

Leave a Comment