ADVERTISEMENT
---Advertisement---

বিবাহিত মহিলাই শিৰত সেন্দুৰ লওঁতে এই কথা সমূহ মন দিয়া উচিত !

By: Notun Kisu

On: মাৰ্চ 24, 2024

Follow Us:

shendur luwar niyom
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

শিৰৰ সেন্দুৰ এগৰাকী মহিলাৰ বাবে সৌভাগ্যৰ প্ৰতীক। এগৰাকী বিবাহিত মহিলাই শিৰত সেন্দুৰ লোৱা অতি মহত্বপূৰ্ণ মান্যতা দিয়া হয় কিয়নো এই সেন্দুৰ বিবাহৰ পিছতহে এগৰাকী মিহিলাই শিৰত পিন্ধাৰ অধিকাৰ থাকে ।

ADVERTISEMENT

সেন্দুৰ বিভিন্ন দেৱ দেৱী সমূহক উদ্দেশ্যি নিবেদন কৰা হয় বাবেই শিৰত সেন্দুৰ ধাৰণ কৰিলে উক্ত মহিলাৰ প্ৰতি দেৱ দেৱী সকল সন্তুষ্ট হৈ পৰে আৰু মহিলা গৰাকী আশীৰ্বাদ প্রাপ্ত হবলৈ সক্ষম হয় ।

সেন্দুৰ হৈছে এ গৰাকী বিবাহিত মহিলাৰ প্ৰতীক । মহিলাৰ কপালত লোৱা সেন্দুৰ স্বামীৰ মংগলৰ সৈতে জড়িত হৈ থাকে যাৰ ফলত স্বামী দীর্ঘায়ু হয় । বিবাহিত মহিলাৰ শিৰৰ সেন্দুৰে স্বামীৰ সন্মান বঢ়াই , ঘৰখনৰ সুখ সমৃদ্ধি ধৰি ৰাখে । এনেবোৰ কথা যদিহে কাৰোবাৰ বিশ্বাস কৰিবলৈ টান হয় তেন্তে তেওঁ তলৰ কাহিনীটো শুনিলে তেওঁৰো ভুল ভাঙি যাব…

বালিক যেতিয়া শ্ৰী ৰামচন্দ্ৰই বধ কৰিব ওলাইছিল সেই সময়তে শ্ৰী ৰামচন্দ্ৰৰ দৃষ্টি পৰিছিল বালিৰ পত্নীৰ শিৰৰ সেন্দুৰৰ ওপৰত সেই শিৰৰ সেন্দুৰক সন্মান জনাই ৰামচন্দ্ৰই সেইদিনা বালিক এৰি দিছিল কিন্তু দ্বিতীয় দিনা বালিৰ পত্নীয়ে স্নান কৰাৰ সুযোগ লৈহে ৰামচন্দ্ৰই বালিক বধ কৰিছিল । এই গল্পৰ ৰহস্য এইটোৱে যে যি মহিলাই শিৰত সেন্দুৰ লয় ভগৱানে তেনে মহিলাৰ স্বামীক যিকোনো সংকটৰ পৰা বচাই ৰাখে আৰু দীৰ্ঘায়ু প্ৰদান কৰে, সেয়ে এই পবিত্র সেন্দুৰৰ সঠিক ব্যৱহাৰ জানি লোৱা অত্যন্ত দৰকাৰী।

১/ সেন্দুৰ যিমানে পাৰে কপালৰ মধ্য ভাগত লবলৈ যত্ন কৰা উচিত, কপালৰ মধ্যভাগৰ পৰা শিৰৰ মাজভাগলৈ যিমান দীঘলকৈ ল’ব পাৰে সিমানে উত্তম । কিয়নো কপালৰ মধ্যভাগ হৈছে ব্ৰহ্মাস্থান আৰু সেই ঠাইত সেন্দুৰ ললে স্নায়ু সতেজ থকাটো সহায় কৰে।

২/ এই সেন্দুৰ কেতিয়াও আনক দান কৰা অনুচিত, নিজৰ সেন্দুৰ নিজে ব্যৱহাৰ কৰা উচিত।

৩/ এই সেন্দুৰ কেতিয়াও খোলা অৱস্থাত ৰাখিব নালাগে যেতিয়া হলেও ইয়াক ঢাকি ৰখা দৰকাৰী । আৰু নজৰ ৰাখিব লাগে যাতে সহজতে সৰু লৰা ছোৱালীয়ে ঢুকি নাপাই কিয়নো সেন্দুৰ পৰি যোৱাটো অশুভ মনা হয়।

৪/ সেন্দুৰ লোৱাৰ সঠিক সময় হৈছে স্নান কৰাৰ পিছত আৰু সন্ধিয়া যেতিয়া স্বামী কামৰ পৰা গৃহলৈ উভতে সেই সময়ত। এনে কামৰ দ্বাৰা স্বামীক সন্মান দিয়া হয় আৰু স্বামীয়েও যথেষ্ট আনন্দ লাভ কৰে যাৰ ফলতে স্বামী স্ত্ৰীৰ সংসাৰ সুখৰ হৈ পৰে।

৫/ শিৰত সেন্দুৰ লওঁতে সদায় শুকান সেন্দুৰ ব্যৱহাৰ কৰা উচিত আৰু কেতিয়াবা শুকান সেন্দুৰ শিৰত লওঁতে যদিহে নাকত পৰে সেয়া অত্যন্ত শুভ মান্যতা দিয়া হয় ৷ আৰু সেই নাকত পৰা সেন্দুৰ খিনি ধুই পেলোৱা অনুচিত কিয়নো এনে কৰাৰ ফলতে সেন্দুৰক অসন্মান কৰা হয় । সেয়ে প্রয়োজন বোধ কৰিলে সৰু ৰুমাল বা কাপোৰেৰে মচি দিয়া ভাল আৰু সেইটোৱে স্বামীৰ প্ৰতি অত্যন্ত মৰম ভালপোৱা থকা বুজাই।

৬/ কেতিয়াবা টেমাত ভৰাই থাকোতে যদি সে ন্দুৰ মাটিত পৰি যায় তেন্তে সেই সেন্দুৰ ভৰিৰে মোহাৰিব বা গছকিব নালাগে। পৰি যোৱা ভাগৰ যিখিনি ভাল ওলাই সেইখিনি টেমাত ভৰাই ৰাখিব লাগে আৰু লেতেৰা হৈ যোৱা খিনি মা পার্বতীক ক্ষমা বিচাৰি এজোপা গছৰ তলত ৰাখি দিয়া ভাল।

৭/ ঋতুস্ৰাৱৰ সময়ত সেন্দুৰ ল’ব নালাগে , কিন্তু যদি সেই সময়ত বাহিৰলৈ যাব লাগে তেন্তে নতুন সেন্দুৰ কিনি আনি লোৱা উচিত, সদায় ব্যৱহাৰ কৰি থকা টেমাটোৰ পৰা ল’ব নালাগে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment