ADVERTISEMENT
---Advertisement---

এই ৬ গুণ থকা ল’ৰাক বেছি ভাল পায় ছোৱালীয়ে – পঢ়ি লওঁক সবিশেষ

By: Notun Kisu

On: মাৰ্চ 22, 2024

Follow Us:

top 6 qualities of loyal boyfriend
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

কেনে স্বভাৱ বা কেনে ব্যৱহাৰৰ গৰাকী ল’ৰাক পচন্দ কৰে ছোৱালীয়ে, এই কথা আপুনি জানেনে ! মনোবিজ্ঞানৰ মতে, বিশেষ কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ছোৱালীৰ পচন্দ আৰু অপচন্দ । চাওঁ আহক বিশেষ কেইটামান তেনে কাৰক…

ADVERTISEMENT

হাঁহি-মাতি থকা ল’ৰাক ভাল পায় ছোৱালীয়েঃ

হাঁহি-মাতি থকা ল’ৰা বা যুৱকক কেৱল ছোৱালীয়েই নহয় সকলো লোকেই ভাল পায় । হাঁহি-ধেমালি কৰি বেয়া পোৱা মানুহৰ লগত থাকি বৰিং অনুভৱ কৰে মানুহে । এগৰাকী নাৰী বা যুৱতীয়ে সেইসকল পুৰুষক ভাল পায় যি সকলে নিজে হাঁহি থকাৰ লগতে ওচৰৰ সকলোকে হহুৱাই থাকে ।

আত্মবিশ্বাসৰ গৰাকী যুৱকক ভাল পায় ছোৱালীয়েঃ

আত্মবিশ্বাসৰ গৰাকী হ’লে এটা ল’ৰাক খুবেই ভাল পায় এগৰাকী নাৰীয়ে । যি ল’ৰাই এগৰাকী ছোৱালীৰ আগত মনৰ কথা খুলি ক’বলৈ বেয়া পায়, তেনে ল’ৰাক পচন্দ নকৰে ছোৱালীয়ে । সকলো কথা আত্মবিশ্বাস আৰু দৃঢ়তাৰে কথা কোৱা ল’ৰাক খুবেই ভাল পায় এগৰাকী নাৰীয়ে ।

চাফ-চিকুণতাৰে থকা ল’ৰা অতিকৈ পচন্দৰ হয় ছোৱালীঃ

যেতিয়া এগৰাকী ল’ৰাই থকা পৰিৱেশটো পৰিষ্কাৰ কৰি নথয়, তেনে পৰিৱেশত থাকি আৰু তেনে পৰিৱেশ দেখি মনৰ পৰা এটা অশান্তি অনুভৱ কৰে ছোৱালীয়ে । গতিকে পৰাপক্ষত চাফ-চিকুণতাৰে থকা ল’ৰাক ভাল পায় ছোৱালীয়ে ।

কথা কোৱাতকৈ কথা শুনা ল’ৰা বেছি পচন্দৰ ছোৱালীৰঃ

সাধাৰণতে কথা কোৱাতকৈ কথা শুনা ল’ৰাক বেছি ভাল পায় ছোৱালীয়ে । ছোৱালীবোৰ সাধাৰণতে বেছি আৱেগিক হয়, যিটো কথা বা ঘটনা তেওঁলোকে ভৱাৰ দৰে যেতিয়া নহয় তেতিয়া সেই বিষয়টোক লৈ অধিক চিন্তা কৰে ছোৱালীয়ে । গতিকে যিকোনো কথা ছোৱালীজনীৰ পৰা সম্পূৰ্ণকৈ যেতিয়া শুনা যায় তেতিয়া কোনো ধৰণৰ অশান্তি নহয় ।

সাজ-পোছাকৰ ক্ষেত্ৰত চেন্স থকা ল’ৰা ছোৱালীৰ পচন্দৰঃ

সাধাৰণতে ছোৱালীয়ে ল’ৰাৰ ড্ৰেচিং চেন্সৰ ওপৰতো বহু পৰিমাণে চকু দিয়ে । ডেন্সিং চেন্সৰ পৰাই এগৰাকী ছোৱালীয়ে অনুমান কৰে যে, এটা ল’ৰাই নিজৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰে ।

ছোৱালীৰ ফিটনেছৰ ওপৰত ধ্যান দিয়া ল’ৰাক ভাল পায় ছোৱালীয়েঃ

ছোৱালীৰ ফিটনেছৰ ওপৰত ধ্যন দি তাত কিছুপৰিমাণে গুৰুত্ব দিয়া ল”ৰাক পচন্দ কৰে ছোৱালীয়ে । ছোৱালীৰ মনত এইটো ভাৱো আহে যে, ফিটনেছৰ ওপৰত ধ্যান দিয়া এজন ল’ৰাই তেওঁকো মৰমেৰে ৰাখিব ওৰে জীৱন ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।

Join WhatsApp

Join Now

Join Telegram

Join Now

1 thought on “এই ৬ গুণ থকা ল’ৰাক বেছি ভাল পায় ছোৱালীয়ে – পঢ়ি লওঁক সবিশেষ”

Leave a Comment