ADVERTISEMENT
---Advertisement---

শিশুৰ টোপনি উন্নত কৰিবলৈ কি কৰিব জানো আহক

By: Notun Kisu

On: ফেব্ৰুৱাৰী 29, 2024

Follow Us:

How to improve Babys Sleeping Quality
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

শিশুক দৈহিক আৰু মানসিক বিকাশৰ কাৰণে টোপনিৰ অত্যন্ত প্ৰয়োজনীয়৷ শিশুসকলৰ শোৱাৰ অভ্যাস তথা শোৱাৰ সময় নিয়মানুৱৰ্তিতা কৰাটো অভিভাৱক সকলৰ দায়িত্ব৷কিন্তু মাক-দেউতাকে শুবলৈ দিলে সিহঁতে এই কামটো বৰ বিৰক্তি পায়।

ADVERTISEMENT

ফলস্বৰূপে এজন শিশুক দৈহিক আৰু মানসিক বিকাশৰ বাবে যিমানখিনি টোপনিৰ প্ৰয়োজন হয়, সিমানখিনি নহয়। তেনেহলে কথা পাতো শিশুৰ টোপনি উন্নত কৰিবলৈ কি কৰিব।

  1. শিশুসকলক মোবাইলৰ পৰা দুৰত ৰাখক, কাৰণ শিশু সকলৰ হাতত মোবাইল দিলে, আৰু সেই মোবাইল যদি বেছি সময় ব্যৱহাৰ কৰে তেনেহলে মোবাইলৰ পৰা ওলোৱা নীলা ৰশ্মিয়ে শিশুৰ চকুত বিৰূপ প্রভাৱ পেলায়। ফলত তেওঁলোকৰ টোপনি নহয়।
  2. শিশুক শোৱাৰ আগত শৰীৰত তেলেৰে মালিচ কৰিবলাগে, ফলত দেহ-মন তথা স্নায়ুসমূহে আৰাম পায়। যাৰ ফলত শিশুৰ ভাল টোপনি আহে।
  3. মনোবিদৰ মতে, অনেক অভিৱাবক তেওঁলোকৰ শিশুক টোপনি অহাৰ সূযোগ নিদিয়ে, যেনে ঘৰত টিভি অন কৰি ৰখা, বা গান শুনা। এনে ক্ষেত্রত শিশুয়ে টোপনি অহাৰ সুযোগ নাপায়। হেয়ে শিশুক টোপনি অহাৰ আগত এইবোৰ বন্ধ কৰি ৰাখক।
  4. শিশুক ৰাতি একেবাৰে পাতল খাদ্য দিয়া উচিত। পাতল খাদ্যই হজম প্ৰক্ৰিয়া সুচল কৰি ভাল টোপনি অহাত সহায় কৰে।
  5. আপোনাৰ সন্তানক টোপনি আনিবলৈ যেতিয়া শোৱায় তেতিয়া আপুনি মোবাই ব্যৱহাৰ কৰে নেকি ? তেনেহলে এই অভ্যাস সলনি কৰক। কাৰণ এনে খেত্রত আপোনাৰ সন্তানৰ টোপনি নষ্ট হয়।
  6. শিশুক বাহিৰত খেলা-ধূলা কৰিবলৈ দিয়া উচিত। ইয়াৰ ফলত শৰীৰৰ অংগসমূহ মজবুত হয় আৰু ৰাতিলৈ সোনকালে ভাগৰ লাগি ভাল টোপনি আহে৷
  7. শিশুক দৈনিক নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰোৱা উচিত। একেটা সময়তে শোৱাৰ অভ্যাস কৰিলে দৈনিক ভাল টোপনি আহে।
ADVERTISEMENT

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। Notun Kisu এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment