ADVERTISEMENT

আজি শনিবাৰ, শনি দেৱতাক অৰ্পণ কৰক এই ফুল আৰু পাত, অন্ত পৰিব দুখ–কষ্টৰ!

shani dev r puja

আজি শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱস সন্তুষ্ট কৰিলে দূৰ হয় দুখ–কষ্ট। শনিদেৱক নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়, কিন্তু আপুনি জনা উচিত যে শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ ফল ভুগিব লাগিব।

ADVERTISEMENT

কোৱা হয় যে শনিদেৱে কৰা কামৰ হিচাপ কৰে। যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে সপ্তাহৰ শনিবাৰটো ইয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন। শনিবাৰে পূজাৰ সময়ত যদি আপুনি শনিদেৱক তেওঁৰ প্ৰিয় ফুল আৰু পাত অৰ্পণ কৰে তেন্তে তেওঁৰ কৃপা প্ৰাপ্ত হয়। ইয়াৰ ফলত দুখ–কষ্ট দূৰ হ’ব পাৰে।

শনিদেৱৰ প্ৰিয় ফুল আৰু পাত

কাশীৰ জ্যোতিষাচাৰ্য চক্ৰপাণি ভট্টৰ মতে, শনিদেৱৰ আকনৰ ফুল বহুত প্ৰিয়। ইয়াৰ উপৰি শনিদেৱৰ প্ৰিয় গছ ছামী (Shami Plant)। যদি আপুনি শনিবাৰে পূজাত এই দুবিধ সামগ্ৰী আগবঢ়ায় তেন্তে নোহোৱা কাম হৈ উঠিব।

শনিদেৱক আগবঢ়াওক আকনৰ ফুল

জ্যোতিষ শাস্ত্ৰ মতে, শনিদেৱক আকনৰ ফুল আগবঢ়ালে কষ্টৰ পৰা মুক্তি পোৱা যায়। ভগৱান শিৱৰ পূজাতো আকনৰ ফুল অৰ্পণ কৰা হয়। যেতিয়া আপুনি আকনৰ ফুল চিঙিবলৈ যাব তেতিয়া অলপ সাৱধান হ’ব, কিয়নো সেই ফুল চিঙিলে গছৰ পৰা বগা এঠাজাতীয় পদাৰ্থ ওলাই যিটো চকুৰ বাবে হানিকাৰক বুলি কোৱা হয়। মনত ৰাখিব এই ফুল চিঙাৰ পিছত ভালদৰে হাত ধুব।

শনিদেৱক অৰ্পণ কৰে ছামীৰ পাত

শনিদেৱৰ প্ৰিয় গছ ছামী। পূজাৰ সময়ত শনি মহাৰাজক ছামীৰ পাত, ছামীৰ ফুল, শিপা আৰু ফল আগবঢ়োৱা হয়। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ প্ৰাপ্ত হয়। দুখ দূৰ হয় আৰু ধন সংকট নাইকীয়া হয়। ছামীৰ গছত পানী ঢালিলে আৰু তাৰ তলত বন্তি জ্বলালে শনিদেৱ সন্তুষ্ট হয়।

শনিবাৰৰ দিনত লগাওক ছামী গছ

শনিবাৰৰ দিনটোত আপুনি ঘৰত ছামী গছৰ পুলি লগাব পাৰে। ছামীক দেৱবৃক্ষ বুলি কোৱা হয়। ইয়াক লগোৱাৰ নিয়ম আছে, এই নিয়ম পালন কৰা প্ৰয়োজন, তেতিয়াহে লাভ হ’ব। ছামীৰ পুলি ৰুলে এই কথা মনত ৰাখিব যে দৈনিক ইয়াৰ যতন লওক। নিয়মিত পানী দিয়ক। শনিবাৰে পূজা কৰক আৰু বন্তি জ্বলাওক। আপোনাৰ ওপৰত শনিদেৱৰ কৃপাদৃষ্টি থাকিব।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Treading

Assamese Caption

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

Morning Wish

আজি আপোনালোকৰ বাবে কিছু সুপ্ৰভাত বাণী লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

Assamese Quotes

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।