অসমীয়া ডাইলগ | Assamese Dialog 2024

দৈনন্দিন নতুন কিছু জানিবলৈ Follow

বন্ধু বান্ধৱী সকল আজি আমি আপোনালোকৰ বাবে কেইটামান অসমীয়া ডাইলগ লৈ আহিছোঁ। আশা কৰোঁ এই Assamese Dailog বা অসমীয়া ডাইলগ আপোনালোকৰ ভাল লাগিব।

ইয়াত Notun Kisu ৱেবছাইটৰ জৰিয়তে আমি আপোনালোকৰ বাবে Good Morning Wishes, Good Evening Wishes, Good Night Wishes ৰ লগতে কিছু মহৎ লোকৰ বাণী প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। যদি আপোনাৰ ভাল লাগিছে তেন্তে আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত Share কৰিব পাৰে।

অসমীয়া ডাইলগ

তলত অসমীয়া ভাষাত বহু কেইটা অসমীয়া ডাইলগ বা Assamese caption আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি লিখিছোঁ। ইয়াত বিভিন্ন বিষয়ৰ ওপৰত অসমীয়া ডাইলগ বা Assamese Caption, Assamese Status আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ।

কিছু অসমীয়া ডাইলগ

জ্ঞানীজন ধনী নহ’লে আদৰ সন্মান নাপায়,
আৰু ধনীজন জ্ঞানী নহ’লেও আদৰ সন্মান পায়।
সমাজত দেখি থকা এক অনুভৱ।

জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবােৰ নুশুনাকৈ থকাই ভাল.
কাৰণ বেছিভাগ মানুহৰ কথাই মনবােৰ
দুর্বল কৰি তােলে।

জীৱনত কাকো ঠাট্টা নকৰিবা কাৰণ,
জীৱনটো এখন যাত্রীবাহী ট্ৰেইনৰ দৰে,
কাৰ যাত্রা ক’ত কেনেকৈ শেষ হয়
কোনেও নাজানে।

যিদিনাই আপুনি লাজ আৰু
ভয় শব্দ দুটাৰ পৰা প্রথম আখৰ কেইটা আতৰাই দিব
পাৰিব সেইদিনাই জয়লাভ কৰিব পাৰিব।

আৱেগৰ পথত নচলি
বিবেকৰ পথেৰে চলিবলৈ শিকা,
দেখিবা তুমি তােমাৰ জীৱনটো সুন্দৰকৈ
গঢ় দিবলৈ পাৰিছা।
কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে
মানুহৰ বিবেক।

জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব,
যে শেষত নিজেই অকলশৰীয়া হ’ব লগা হয়।
কাৰণ পৃথিৱীখন হ্নদয়েৰে নহয় নিজৰ
প্রয়ােজন মতেহে চলে।

আজিৰ দিনত কাকো খাতিৰ নকৰিব
আৰু কাৰাে তলত পৰি নাথাকিব,
কাৰণ আপুনি যিমানেই তল পৰি থাকিব
সিমানেই মানুহে আপােনাৰ লগত খেল
খেলিবলৈ সুবিধা পাব।

দুখীয়া ঘৰৰ ল’ৰা ছােৱালীয়ে গম পায়,
জীয়াই থকাটো কিমান কষ্টকৰ।

কিছুমান মানুহক আমি যেনেদৰে ভাৱাে
তেনেকুৱা নহয়,
আমি ভৱাতকৈ বহুতেই বেলেগ।

অভিমান আৰু খঙৰ আৰত
লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে
তেওঁ কেতিয়াও কাৰো আপোন
হ’ব নোৱাৰে।

সুখৰ পোচাক পিন্ধা সৌভাগ্য
সকলোৰে ভাগ্যত নাথাকে,
যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে
জীৱনত নঘটে।

এই পৃথিৱী যিবোৰ মানুহ
সহজ-সৰল আৰ ুআনক সহজতে
বিশ্বাসত লয়, সেইবোৰ মানুহেই পদে পদে
ঠক খাবলগীয়া হয়।

আনৰ ওপৰত সদায় ক’ম নির্ভৰশীল
হ’বা, তেনেহলে হে সুখী হ’বা।

আনে মোক কি ভাবে
বা কিমান গুৰুত্ব দিয়ে নাজানো।
কিন্তু বিহুতে নিজৰ টাইম পাছ কৰিবলৈহে
মোক মনত পেলোৱা বহুতবাৰ দেখিছো।

অভাৱে মানুহৰ চৰিত্র
নষ্ট নকৰে, অভাৱে মানুহক ধ্যর্য্যশিল
আৰু শক্তিশালি কৰি তুলে।

গাৰুত মূৰ ৰখাৰ
লগে লগে যাৰ টোপনি আহে,
তেওঁ পৃথিৱীৰ সকলোতকৈ
সুখী মানুহ।

সুন্দৰ সময়বোৰ
জীৱনলৈ দুনাই নাহিবও পাৰে,
কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ
হেৰুওৱা স্মৃতিবোৰ হৃদয়ত
চিৰদিনৰ বাবে থাকে।

কষ্ট সকলোৱে পায়,
বেয়া সকলোৰে লাগে কিন্তু
পার্থক্য এটায়ে যে কোনোবাই প্রকাশ কৰে,
আৰু কোনোবাই চুপ থাকে।

কিছুমান মানুহে
মোক বহুত ভাল পায়,
কেৱল প্রয়োজনৰ সময়ত।

যদি হেৰুৱাৰ ভয় আৰু
পোৱাৰ আশা নাথাকিলে হেঁতেন,
তেনেহলে না ভগৱান থাকিলে হেঁতেন,
না মানুহ প্রার্থনা কৰিলে হেঁতেন।

যিয়ে আপোনাক দেখি
ভিতৰে ভিতৰে জ্বলে তেওঁলোকক
কেতিয়াওঁ ঘৃণা নকৰিবা,
কাৰণ তেওঁলোক সেই মানুহ
যিয়ে ভাবে তেওঁলোকতকৈ আপুনি
বহুত উত্তম।

মানুহৰ সকলো কথা
যদি মানি লোৱা তেতিয়া তুমি
সকলোৰে ওচৰত বহুত ভাল হ’বা,
আৰু যদি উচিত কথা কোৱা
তেতিয়া সকলো মানুহৰ ওচৰত
তুমি বেয়া হ’বা।

ডাষ্টবিনটো হাৰ মানি যায়,
কিছুমান মানুহৰ লেতেৰা
মানসিকতাৰ ওচৰত।

এটা কথা মনত ৰাখিব,
আপুনি কি বা আপোনাৰ কি আছে
তাৰ ওপৰত আপোনাৰ সুখ নির্ভৰ নকৰে!
আপোনাৰ সুখ নির্ভৰ কৰে
আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে।

যদি শুনা যে মোৰ কোনোবাই
বদনাম গাই আছে, তেন্তে বুজি ল’বা
যে এদিন নিঃস্বার্থ ভাৱে উপকাৰ
কৰিছিলোঁ সেইজনৰ।

অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা,
কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য
দেখা নোপোৱা কৰি তুলিছে।

যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।

আনৰ সুখৰ কাৰণ হওক
কিন্তু অংশীদাৰ নহ’ব,
আনৰ দুখৰ অংশীদাৰ হওক,
কিন্তু কেতিয়াও কাৰণ নহব।

যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি
নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ
অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে।
কাৰণ তেওঁ জানে কষ্ট কি।

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।

আনৰ সুখৰ বাবে নিজৰ মাজত
নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে,
সেয়া কেৱল সেই আত্মহত্যাকাৰী জনেহে জানে।

কিছুমানে সুখ বিচাৰি কান্দে,
কিছুমানে দুখৰ বুকুত কান্দে,
আচৰিত এই জীৱনৰ পৰিক্ৰমা,
কিছুমানে বিশ্বাসৰ কাৰণে কান্দে,
আৰু কিছুমানে বিশ্বাস কৰি কান্দে।

যি হয় ভালৰ কাৰণে হয়,
সেই আশ্বাসলৈয়েইটো জীয়াই আছো,
অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই
হত্যা কৰি পেলালেহেঁতেন মোক।

মই আচলতে অহংকাৰী নহয়
কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো
যাৰ বাবে মই গুৰুত্বহীন।

মুখেৰে একো নকলেও
চকুৰ ভাষায় কয় আছে বহু অভিমান জমা,
এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা।

মই এনে এজন মানুহ,
দুখৰ মাজতো
সুখৰ এখন মুখা পিন্ধি
সকলোকে হঁহোৱাই আছো।

কথা পাতিবলৈ এনেকৈ এৰি দিলা,
যে মই ইমান দিনে তোমাৰ বোজা হে হৈ আছিলো।

তোমাৰ প্ৰতিটো ষ্টেটটাছত
সদায় নিজকে বিচাৰিবলৈ চেষ্টা কৰো,
কিন্তু কিয় জানো প্ৰতিবাৰেই দেখোন বিফল হওঁ,
অচিনাকী কোনোবাই যেন
আজি মোৰ সেই ঠাই দখল কৰিছে।

​সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
স্মৃতিৰ সাগৰত উলংগ হৈ পৰি আছো
কাষত বাজি আছে ভূপেনদাৰ
মই এটি যাযাবৰ !
মই এটি যাযাবৰ !

দুখবোৰ লুকুৱাই হাঁহিবলৈ শিকিলো,
এতিয়া সকলোৱে ভাবে
মই বহুত সুখত আছো।

পৰিস্থিতিত বিচ্ছেদ হোৱা
প্ৰতাৰণা নহয়,
তোমাক কন্দুৱাই তেওঁ সুখী নহয়
নিৰ্জনতাত তোমাতকৈ বেছি কান্দে তেওঁ
মৌন ওঁঠত বিষাদৰ হাঁহি কঢ়িয়াই ফুৰে তেওঁ।

শুই উঠিয়েই আৰু ৰাতি শোৱাৰ সময়ত,
যিজনৰ কথা মনলৈ আহে,
সেইজনেই হয়তো আপোনাৰ জীৱনৰ সুখৰ কাৰণ,
নতুবা জীৱনৰ দুখৰ কাৰণ হয়।

প্ৰিয়জন ভাবি নহয়,
লাগিলে প্ৰয়োজন ভাবিয়েই আহা,
তথাপিও তোমাক নিৰাশ নকৰো দিয়া।

বিশ্বাস কৰা বা নকৰা কিন্তু এইটো সত্য যে,
তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচাৰা,
সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ৰ এক
বিশেষ ঠাই অধিকাৰ কৰিছিল।

মানুহবোৰো বৰ অদ্ভুদ,
জিয়াই থাকোতে কোনেও খবৰ নলয়
কেনেকৈ জীয়াই আছো,
মৰিলেই প্ৰথম প্ৰশ্ন ?
কেনেকৈ মৰিল!

তোমাৰ অবিহনে সকলোবোৰ শূণ্য
অনুভৱ কৰো শূণ্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা,
বুকুখনত বহুতেই বিষ হৈছে
তোমাক পাহৰি যোৱাৰ বিষ।

না আকাশ মোৰ আপোন
না তুমি মোৰ আপোন
হৃদয়ে মানি নলয় কিয়
তুমি মাথোঁ মোৰ দিবা সপোন।

জীৱনৰ আটাইতকৈ মৰ্মান্তিক
দৃশ্য সেইটোৱেই,
যেতিয়া চিনাকী মানুহবোৰৰ
অচিনাকী ৰূপবোৰ দেখে।

তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়,
তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।

তুমি মানুহৰ ক্ষতি কৰিবা, নাভাবিবা যে তুমি জিকি গৈছা। ভগৱান যেতিয়া তোমাৰ ক্ষতি কৰিব তুমি তেতিয়া মানুহক ক’ব নোৱাৰিবা।

কিছুমান মানুহ আছে আপোনাৰ আগত ক’ব এটা, আৰু আপোনাৰ পিছত ক’ব আন এটা এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত।

আপোনাৰ যদি টকা-পইচা আছে তেনেহলে আপোনাক সন্মান কৰিব। কাৰণ এতিয়া সন্মান কৰোতে জ্ঞানী চোৱা নহয় টকা-পইচা চোৱা হয়।

ভাল সময়ে এটা ভাল স্মৃতি দি যায়, আৰু বেয়া সময়ে এটা ভাল শিক্ষা দি যায়।

Promise ৰ ওপৰত কেতিয়াওঁ নির্ভৰ নকৰে তোমাৰ লগত কোন থাকিব
বা কোন নাথাকে। নির্ভৰ কৰে মাথো আমাৰ ভাল-বেয়া সময় আৰু পৰিস্থিতিয়ে।

চেহেৰা নহয় চৰিত্র ভাল কৰা, কাৰণ তােমাৰ মৃত্যুৰ পিছত মানুহে তেওঁ ধুনীয়া আছিল বুলি নকয় বহুত ভাল মনৰ মানুহ আছিল বুলিহে ক’ব।

যি বিলাক মানুহে আনে কিবা এটা কৰা দেখিলে হাঁহে, সেইবিলাক মানুহেই আচলতে জীৱনত নিজে একো কৰিব নােৱাৰে।

কাৰাে পৰা জোৰ কৰি সময় নিবিচাৰিবা, যাৰ ইচ্ছা থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতাে অলপ হলেও সময় দিব।

টকা পইচা সা-সম্পত্তিক লৈ বেছি অহংকাৰ নকৰিবা, আজি মাটিৰ ওপৰত আছা কাইলৈ মাটিৰ তলত থাকিবা।

মানুহে পৃথিৱীত সকলাে বস্তু দেখা পায়। কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে।

হাতত ফুটা কড়ি এটা নথকাৰ দিনাও লাখটকীয়া সপোন দেখা সাহস কেৱল মধ্যবিত্ত সকলৰহে থাকে।

বেয়া সময় বোৰকো ধন্যবাদ দিছো,
কাৰণ নেলেগ একো নহলেও মানুহ চিনি
পোৱাত সহায় কৰিছে।

না মান ডাঙৰ, না ধর্ম ডাঙৰ, না স্বার্থ ডাঙৰ, না অর্থ ডাঙৰ
আচল কথাটো হ’ল বিপদৰ সময়ত যিয়ে আপোনাক
কাষত থিয় দিয়ে তেওঁৱেই সকলোতকৈ ডাঙৰ।

জন্ম হৈছো অকলে, মৰিব লাগিব অকলে গতিকে
জীৱাই থকা দিন কেইটা বিন্দাছ নিজৰ মতে চলিম।

সময়ে শিকাই আমি আপোন বুলি ভাবি থকা সকলো
মানুহ আচলতে আমাৰ আপোন নহয়।

কোনেও কাকো পাহৰি নাযায়, আচল কথাটো হ’ল
প্রয়োজন নহ’লে কোনেও কাকো মনত নেপেলায়।

কাৰো ওপৰত বেছিকৈ ভৰষা নকৰিব, কাৰণ
আন্ধাৰ হ’লে নিজৰ ছাঁটোও আঁতৰি যায়।

আজিৰ দিনত ডাঙৰ পদবীত বা ধন নাথাকিলে আপোন
মানুহবোৰেও আপোনাক চিনাকি দিবলৈ টান পায়।

আনৰ দোষ খুঁচৰি সময় অপচয় কাৰাতকৈ নিজৰ
সুখখিনিক লৈ জীৱনটো অপভোগ কৰা বেছি ভাল।

যেতিয়ালৈকে তোমাৰ টকা থাকিব,
তেতিয়ালৈকে মানুহে তোমাক পাত্তা দিব।

আনৰ অপকাৰ কৰি মানুহ সুখেৰে কেতিয়াও জীয়াই
থাকিব নোৱাৰে, আনৰ যিমান অপকাৰ কৰিব
তাতকৈ বহুগুনে বেছি এদিন নিজৰো ক্ষতি হ’ব।

আজিৰ দিনত যোগ্যতা বুলি ক’লে দুটা
বস্তুয়ে বুজে সৌন্দর্য আৰু টকা।

বাস্তৱতা কেতিয়াও গল্পৰ দৰে সুন্দৰ নহয়,
আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতাৰ দৰে নহয়।

মানুহে সন্মুখৰ জনক আর্থিকভাৱে দুর্বল যেন দেখিলেই
ব্যৱহাৰ আৰু কথাৰ সুৰ সলনি কৰি পেলাই।

সুখে মানুহৰ অহংকাৰৰ পৰীক্ষা লয়,
দুখে মানুহৰ ধৈর্য্যৰ পৰীক্ষা লয়।

বহু মধ্যবিত্ত দুখীয়া পৰিয়ালৰ
লৰা-ছোৱালীবোৰ জীয়াই আছে
চাকৰিটো পালেই নিজৰ ইচ্ছা,
সপোনবোৰ পূৰণ কৰিম বুলি।

অহংকাৰী নহ’ব কিন্তু নিজৰ স্বভিমান
কেতিয়াও ত্যাগ নকৰিব।

এই পৃথিৱৰত আপোনাৰ বাবে
আটাইতকৈ মূল্যৱান বস্তুটো হ’ল
আপোনাৰ সুস্থ শৰীৰটো,
যিদিনা শৰীৰে আপোনাক সঙ্গ এৰিব
সেইদিনাৰ পৰাই সকলোৱে
আপোনাক সঙ্গ এৰিব।

অধিক তেলযুক্ত খাদ্য আৰু কথা
দুয়োটাৰেই সোৱাদ বহুত বেছি,
কিন্তু দুয়োটাই মানুহৰ বাবে বেয়া
প্রথমটোৱে ধ্বংস শৰীৰ
আৰু দ্বিতীয়টোৱে ধ্বংস কৰে মন।

মানুহ মাত্রই ভুল কৰে
কিন্তু প্রকৃত মানুহ সেইজনেই
যিয়ে নিজৰ ভুল স্বীকাৰ কৰে।

ভাল বেয়া বিচাৰ কৰাৰ আগত
মানুহৰ মনবোৰ বুজিব চেষ্টা কৰিবা
তেতিয়া নিজেই বুজি পাবা,
কোন ভাল আৰু কোন বেয়া।

আমাৰ দৰে দুখীয়া ঘৰৰ
ল’ৰা-ছোৱালী বোৰে যেতিয়া নিজে উপার্জন
কৰি কেৰিয়াৰ গঢ়ব লগা হয়,
তেতিয়াই আমাৰ জীৱনৰ পৰা প্রেম
নামৰ কলম ডালৰ চিয়াঁহী শেষ হৈ যায়।

হিংসা কৰাতকৈ মানুহজনক অনুসৰণ কৰিব,
আপোনাৰ বহুখিনি ভাল হ’ব। তেওঁৰ দৰে হুবহু কৰিব নোৱাৰিলেও
অন্ততঃ অকমান শিকিব পাৰিব।

বেয়া সময় সদায় নাথাকে
কিন্তু বেয়া সময়ত মানুহে কৰা
ব্যৱহাৰ সদায় মনত থাকে।

কিছুমান মানুহৰ লগত তর্ক কৰাতকৈ
মনে মনে তেওঁৰ কথা শুনি থকাই ভাল,কাৰণ
যিয়ে একমাত্র নিজৰ কথাটোকেই শুদ্ধ বুলি ভাবে,
তেওঁ কেতিয়াও কোনোপধ্যেই আনৰ
কথা সত্য বুলি মানি নলয়।

কি আচৰিত! জীয়াই থকা দিনত কোনেওঁ এবাৰ
নুসুধে কেনেকৈ জীয়াই আছে,
কিন্তু মৰিলে সকলোৱে সুধে
কেনেকৈ মৰিল।

মানুহৰ জীৱনটো গছৰ দৰে
তোমাৰ পৰা ফলো খাব
ডালো বাঙিব আৰু তোমাৰ গালৈ
শিলগুটিও দলিয়াব।

ধুনীয়া বুলি কোনো বস্তু নাই
তুমি যিমানেই ভাল পাবা সিমানেই
ধুনীয়া দেখিবা।

ভগৱানে আমাক সেইবোৰ বস্তু নিদিয়ে
যিবোৰ আমাৰ ভাল লাগে,
আমাক সেইবোৰ বস্তুহে দিয়ে
যিবোৰ আমাৰ বাবে ভাল।

সুবিধাবাদী মানুহ
কেতিয়াও বেছিদিন কাৰোবাৰ
প্রিয়জন হৈ থাকিব নোৱাৰে।

কাৰোবাৰ বাবে নিজকে পৰিৰ্ৱতন
কৰিব নোৱাৰো,
কাৰণ মই নিজকে বহুত
বেছি ভালপাওঁ।

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া ডাইলগ যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

Leave a Comment