বিয়াত বাধা বা বিলম্ব হৈছে নেকি? তেন্তে এইকেইটা কাম কৰক…

Notun Kisu

মাৰ্চ 2, 2024

powerful solution for delayed marriage for girl
ADVERTISEMENT

বিয়া পাতিম বুলি ভাবিছে! বাধা আহিছে নতুবা আপোনাৰ বিয়া পতাত বিলম্ব হৈছে নেকি? এই সকলো বাধা অতিক্ৰম কৰিবলৈ আপোনালৈ আহিছে সুযোগ ৷ শিৱ মহাৰাত্ৰিত ইয়াৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷

ADVERTISEMENT

৮ মাৰ্চ ২০২৪ শুকুৰবাৰে হ’ব মহাশিৱৰাত্ৰি ৷ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত সনাতনীসকলে মহাশিৱৰাত্ৰি পালন কৰিব৷ যিসকলে বিয়া পতাৰ ইচ্ছা কৰা সত্ত্বেও বিভিন্ন বাধাৰ সন্মুখীন হৈছে বা পাতিম পাতিম বুলি ভাবি থাকোতে সময় গুছি গৈছে, সেইসকলে এই মহাৰাত্ৰিতেই বিবাহৰ বাধা আৰু বিলম্ব প্ৰতিকাৰ কৰিব পাৰে৷ মহাশিৱৰাত্ৰিৰ দিনা হালধীয়া ৰঙৰ পোছাক পৰিধান কৰাৰ চেষ্টা কৰক৷ ইয়াৰ বিশেষ তাৎপৰ্য আছে৷

ইয়াৰ উপৰি মহাশিৱৰাত্ৰিত শিৱবাবা আৰু মা পাৰ্বতীক ফুলৰ মালা অৰ্পণ কৰক৷ কিয়নো, এই দিনটোতে ভোলানাথ আৰু মা পাৰ্বতীৰ যুগ্মজীৱন আৰম্ভ হয়৷ সেইবাবে এই দিনটোক বিশেষ দিন বুলি ভাৰতীয়সকলে পালন কৰি আহিছে৷ এই দিনটোত শিৱ আৰু মা পাৰ্বতীক ভক্তিমনে আৰাধনা কৰিলে বিয়াৰ ক্ষেত্ৰত অহা বাধা বা বিলম্ব শীঘ্ৰে আঁতৰি যায়৷ পূজাৰ সময়ত আপুনি এই মন্ত্ৰফাকি ১০৮ বাৰ জপ কৰক – ‘ওম গৌৰী শঙ্কৰায় নমঃ’৷

শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰলৈ গৈ গৰুৰ বিশুদ্ধ গাখীৰ ভগৱান শিৱৰ ৰুদ্ৰ অভিষেক কৰক৷ ইয়াতে দেৱাদিদেৱ মহাদেৱ সুখী হয়৷ মহাশিৱৰাত্ৰিৰ দিনা শ্ৰীৰামচৰিত মানসত বৰ্ণিত শিৱ-পাৰ্বতীৰ বিবাহ পাঠ কৰা উচিত৷ পূজাৰ পদ্ধতি অনুযায়ী ৰাতি চাৰি প্ৰহৰত চাৰিবাৰ শিৱলিংগত পূজা কৰিব লাগে৷ এনে কৰিলে মহাদেৱৰ সমগ্ৰ পৰিয়াল সুখী আৰু শুভবিবাহৰ দিনা শুভ কাৰ্যৰ বাবে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব ৷

পূজা দিওঁতে কেৱল মনত ৰাখিব লাগিব হালধী, সেন্দুৰ আদিৰে কেতিয়াও শিৱপূজন কৰা নহয়৷ আপোনাৰ বাবে শুভ দিন আহি আছে ৮ মাৰ্চত ৷ মহাশিৱৰাত্ৰিত ওপৰত উল্লেখ কৰা নিয়মকেইটা পালন কৰিলেই আপুনি ফল নিশ্চিত পাব ৷

ADVERTISEMENT

ইয়াত দিয়া তথ্য জ্যোতিষৰ ওপৰত ভিত্তি কৰি কেৱল তথ্যৰ বাবেহে দিয়া হৈছে। Notun Kisu এই কথা নিশ্চিত কৰা নাই। যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল’ব লাগে।

Leave a Comment