Quotes on Mother in Assamese | মাতৃক লৈ কিছু উক্তি

Notun Kisu

Updated on:

Quotes on Mother in Assamese মাতৃক লৈ কিছু উক্তি
দৈনন্দিন নতুন কিছু জানিবলৈ Follow

আন দহ জনৰ দৰেই নিশ্চয় আপুনিও কেতিয়াবা কেতিয়াবা Quotes on Mother in Assamese বিচাৰি থাকে? আপোনালোকৰ এই চাহিদা পূৰণ কৰাৰ বাবেই আজি আমি আপোনালোকৰ বাবে এই লিখনিত Quotes on Mother in Assamese লৈ আহিছোঁ।

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Notun Kisu নামৰ এই বিশেষ অসমীয়া ৱেবচাইটলৈ। আপুনি জনেই ইয়াত আমি বিভিন্ন উক্তি, বিভিন্ন গুৰুত্বপুৰ্ণ অসমীয়া তথ্য লগতে নতুন শিকিবলগীয়া কথা আলোচনা কৰোঁ।

ইয়াত আমি আজি Quotes on Mother in Assamese ত কিছু কথা লৈ আহিছোঁ যিয়ে আপুনক আপোনাৰ মাতৃক বৰকৈ মনত পেলাই দিব। মাতৃৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰি, মাতৃক আমি বহুত মৰম কৰোঁ যদিও কেতিয়াবা কেতিয়াবা সেয়া প্ৰকাশ হোৱাৰ আগতেই মা আমাৰ পৰা গুচি অজান দেশলৈ গুচি যায়। সেয়ে আজিয়ে Quotes on Mother in Assamese লিখনিৰ জৰিয়তে আহক আমি সকলোৱে মাতৃক অলপ মনত কৰোঁ।

Latest Quotes on Mother in Assamese 2024

ফুল কেতিয়াও দুবাৰ নুফুলে
জন্ম কেতিয়াও দোনাই পোৱা নাযায়
জীৱনত হাজাৰজন লগ পাবা কিন্তু হাজাৰটা ভুলক
ক্ষমা কৰি দিব পৰা মা দেউতা এবাৰেই পাবা।

সেই এক টকাৰ ওচৰত
এই লাখ টকা মাটিৰ দৰে
যি মায়ে আমাক স্কুল যাবলৈ দিছিল

মা পঢ়া শুনা হওক বা নহওক
সংসাৰৰ মহৎ জ্ঞানবোৰ মাৰ পৰাই শিকা হয়।

যেতিয়া এখন ৰুটীৰ চাৰি টুকুৰাহে হয়গৈ
আৰু খোৱা মানুহ পাঁচজন হয়
তেতিয়া “মোৰ ভোক নাই“ বুলি
নোখোৱাগৰাকী কেৱল মা’হে হয়।

প্ৰতিজন মানুহৰ জীৱনত তেওঁ সকলোতকৈ বিশেষ হয়
দূৰত থাকিও হৃদয়ৰ আটাইতকৈ কাষত তেওঁৱেই থাকে
যাৰ ওচৰত মৃত্যুৱেও মোৰ দোঁৱাই থৈ যায়
তেওঁ আৰু কোনো নহয়, তেওঁৱেই মা হয়।

প্ৰেমত পৰি জীৱন দি দিয়া বহুত দেখিলোঁ
কিন্তু সেই মাতৃ গৰাকীকতো কোনোবাই সুধাগৈ
যি খুব যতনেৰে নিজৰ সন্তানক
লালন পালন কৰি তুলিলে।

মোৰ ইমান সময় ক’ত আছিল
যে মই ভাগ্যৰ লিখনি চাব পাৰিম কিন্তু
মাৰ হাঁহিটো দেখিলেই বুজি পাওঁ
মোৰ ভাগ্যখনো খুব সুন্দৰ।

আবেগবোৰ পৃথক হ’ব পাৰে কিন্তু কথাবোৰ একেই
তেওঁক মা বুলি কওঁ নে ভগৱান বুলি কওঁ
কথা একেই।

যেতিয়াই মই উদাস হৈ পৰো তেতিয়াই
তোমাৰ চেহেৰাটো মনলৈ আহে
তেতিয়াহে মনত সাহস আৰু প্ৰেৰণা পাওঁ
যেতিয়া তোমাৰ আশীৰ্বাদ মোৰ লগতে থাকে।

ভগৱান সকলো ঠাইতে নাই
সেইকাৰণে তেওঁ মা’ সৃষ্টি কৰিলে।

হাজাৰটকীয়া নোটবোৰে কেৱল প্ৰয়োজনবোৰ পূৰ কৰে
কিন্তু মায়ে দিয়া সেই খুচুৰা টকাবোৰে হেঁপাহবোৰ পূৰ কৰে।

আঁঠু কাঢ়ি কাঢ়ি কেতিয়ানো খোজ কাঢ়িব পৰা হ’লোঁ
মা তোমাৰ মমতাৰ ছাঁত কেতিয়ানো ডাঙৰ হৈ গ’লোঁ।

প্ৰতিটো মন্দিৰ, প্ৰতিটো মজজিদ, প্ৰতিটো নামঘৰ, প্ৰতিটো গীৰ্জাত মূৰ দোঁৱালো
আশাবোৰ তেতিয়াহে পূৰ হ’ল যেতিয়া মাৰ ভৰিত মূৰ থলোঁ।

তেওঁ জীয়াই থকা অৱস্থাত কোনোদিনেই উদাস আৱেগে জুৰুলা কৰিব নোৱাৰে
পৃথিৱীখন তোমাৰ লগত থাকক বা নাথাকক কিন্তু মায়ে দিয়া মৰম কেতিয়াও কম হৈ নাযায়।

এই পৃথিৱীৰ ৰ’দ যিমানেই প্ৰখৰ নহওক
তেওঁৰ দৰে কোনেও সহিব নোৱাৰে,
সকলো সহি যায় মমতাৰে
মা সদায় মা য়েই হৈ থাকে।

এটা ধাৰ সকলোৰে মূৰত থাকে
সেইয়া মাৰ মৰমৰ ধাৰ
যি কেতিয়াও পৰিশোধ কৰিব পৰা নহয়।

যি মোৰ কাষত থাকিলে
নিজকে ধন্য যেন লাগে
মই ভগৱানৰ পিছত মোৰ মা’ক পুজো

মই আজি যিয়েই হওঁ বা সিয়েই সফলতা লাভ কৰিমৱ
তাৰ সকলো শ্ৰেয় কেৱল মা’ৰ ওপৰতে যাব।

যিখন ঘৰত মা আছে
তাত ভগৱান আছে।

মা’ৰ মমতাতকৈ বিশাল
এই পৃথিৱীত একো নাই।

একমাত মা’য়েই আছে যি কাষত থাকিলে
জীৱনত কোনো দুখে জুৰুলা কৰিব নোৱাৰে
পৃথিৱীখনে সংগ দিয়ক বা নিদিয়ক
মা’ৰ প্ৰেম কেতিয়াও কম নহয়।

গোটেই দিনটোৰ কাম কৰি মা ভাগৰি পৰিলেও
মোক দেখাৰ লগে লগেই মাৰ সকলো ভাগৰ হেৰাই যায়।

যেতিয়া আমি কথা ক’বই নাজানিছিলোঁ
তেতিয়া আমাৰ সকলো মায়েই বুজি পাইছিল
কিন্তু এতিয়া ডাঙৰ হৈ আমি কওঁ
মায়ে একো নুবুজে।

মাতৃত্ব- পৃথিৱীৰ সকলো প্ৰেম মাৰ পৰাই আৰম্ভ হয়।

মা শান্তি আৰু সুখত জীয়াই থকাৰ একমাত্ৰ কাৰণ
আমি সন্তানবোৰ

মানুহ সেইজনহে যিজনক তেওঁৰ মাকে বনালে

আন কাৰোবাৰ প্ৰেমত পৰি জীৱন দি দিয়া বহুত মানুহ দেখিছো
পাৰা যদি সেই জীৱনৰ মূল্য সেইগৰাকী মাতৃক সোধা
যিগৰাকীয়ে নিশাৰ টোপনি ভাগৰ সকলো ত্যাগ কৰি সন্তানত
ডাঙৰ দীঘল কৰিছে।

ইমান সময় নাই যে মোৰ ভাগ্যত কি লিখা আছে তাক
জানিবলৈ চেষ্টা কৰিম কিন্তু মাৰ মুখত হাঁহিটো দেখিলেই
অনুভৱ কৰো যেন মই বহুত বেছি ভাগ্যশী।।

অনুভৱ পৃথক হ’ব পাৰে কিন্তু কথা একেটাই
তেওঁক মা কওঁ বা ভগৱান কওঁ কথা একেটাই।

যেতিয়াই মই উদাসীনতাত ডুব যাওঁ
তেতিয়াই তোমাৰ চেহেৰা মোৰ চৌপাশতে যেন থাকে
শান্তি আৰু প্ৰেৰণা পাওঁ যেতিয়াই মা তোমাৰ
আশীৰ্বাদৰ অনুভৱ হৃদয়ত থকা যেন লাগে।

যেতিয়া জীয়েকক বিদায় দিয়া হয়
মাৰ আচল সেমেকি উঠে আৰু যেতিয়াই
পুতেকক বিদায় দিয়া হয় তেতিয়াই মাৰ আচল ৰঙা হৈ ৰয়।

ভগৱানে সকলো ঠাইতে থাকিব নোৱাৰে বাবেই
তেওঁ আমাৰ দায়িত্ব ল’বৰ বাবে মাক সৃষ্টি কৰিলে।

পৃথিৱীখন যদি এটা চোকা ৰ’দ তেন্তে মা
প্ৰশান্তিৰ মিঠা ছাঁ
চেনেহেৰ নিৰ্মিত মমতাৰে পৰিপূৰ্ণ মা তো কেৱল মায়েই হয়।

এটা ধাৰ জীৱনত সদায় থাকি যাব
সেইয়া মাৰ প্ৰেম হয় যি কোনেও কোনোদিনে
পূৰাব নোৱাৰে।

ওঁঠত তেওঁৰ কেতিয়াও আমাৰ বাবে বেয়া শব্দ এটাও নোলায়
তেওঁ মা হয় যি আমাক লৈ কেতিয়াও অভিযোগ নুঠায়।

লক্ষ্যস্থান বহু দূৰ আশাও অলেখ আছে
সৰু জীৱনটোক লৈ চিন্তাও অলেখ আছে
এই পৃথিৱীয়ে হয়তো কেতিয়াবাই মাৰি পেলালেহেঁতেন
কিন্তু মাৰ আশীৰ্বাদ সদায় লগত আছে।

চিয়াঁহী শেষ হৈ গ’ল মা লিখোতে লিখোতে
কাৰ মাৰ মৰমৰ কাহিনী ইমানেই অন্তহীন

পৃথিৱীৰ সকলো বস্তু সকলো সম্পদ বিক্ৰী হৈ যাব পাৰে
কিন্তু মাৰ মমতা ইমানেই অমূল্য যে কোনোদিন কোনোকাল
বিক্ৰী হ’বও নোৱাৰে কিনিবও নোৱাৰে।

Watch Video on Quotes on Mother in Assamese

Quotes on Mother in Assamese

শেষ বাক্য

বৰ্তমানলৈ আমি আপোনালোকৰ বাবে Quotes on Mother in Assamese কিছু আলোচনা কৰিলোঁ। ইয়াৰ সৈতে যদি আপুনি আৰু কিছু সংযোগ কৰিব খোজে তেন্তে Notun Kisu Facebook Page ক Follow কৰি অমালৈ পঠিব পাৰে। আমি আপোনাৰ লিখন Quotes on Mother in Assamese ৰ সৈতে সংযোগ কৰিম।

Leave a Comment